India vs Pakistan : নুনমাটিত বিশাল পৰ্দাত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 6:04 PM IST

thumbnail

গুৱাহাটী, 14 অক্টোবৰ :  চলিত বিশ্বকাপত শনিবাৰে অনুষ্ঠিত হৈছে ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ ৷ বিশ্বকাপ ক্ৰিকেট 2023ত শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত বনাম পাকিস্তানৰ প্ৰথমখন ক্ৰিকেট মেচ ৷

এই হাই ভল্টেজ মেচখনত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে টিম ইণ্ডিয়াই ৷ খেলখনক লৈ ইতিমধ্যে উৎকন্ঠিত হৈ আছে ক্ৰিকেট অনুৰাগী সকল ৷ মেচখনক লৈ মহানগৰীৰ নুনমাটিটো ব্যাপক উছাহ ক্ৰিকেট অনুৰাগীৰ ৷  

ব্লেক টাইগাৰ চিমেণ্টৰ উদ্যোগত নুনমাটিত 'দিল ছে ক্ৰিকেট' অনুষ্ঠানৰ আয়োজন ৷ নুনমাটিৰ চেক্টৰ 2 খেলপথাৰত ডাঙৰ স্ক্ৰীন লগাই এই হাই ভল্টেজ মেচখনৰ লাইভ স্ক্ৰীনিং প্ৰদৰ্শন কৰা হৈছে ৷ বিশাল পৰ্দাত হাইভল্টেজ মেচখন অনুৰাগীক চোৱাৰ সুবিধা কৰি দিছে ব্লেক টাইগাৰ চিমেণ্টে ৷ খেলপথাৰত দেখিবলৈ পোৱা গৈছে বহু সংখ্যক ক্ৰিকেট প্ৰেমীৰ ভীৰ ৷

লগতে পঢ়ক :  Cricket world cup 2023 : বিশ্বকাপত ভাৰত বনাম পাকিস্তান; টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত ভাৰতৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.