Illegal liquor shops: মহানগৰীত ৰঘূমলাৰ দৰে বাঢ়িছে অবৈধ সুৰাৰ ঘাটি

By

Published : Aug 13, 2023, 11:29 AM IST

thumbnail

গুৱাহাটী, ১৩ আগষ্ট: গুৱাহাটী মহানগৰীৰ সাতগাওঁ মিলিজুলি পথত সুৰাৰ অবৈধ বেহা । আৰক্ষীৰ নাকৰ তলতে চলিছ সুৰাৰ ৰমৰমমীয়া বেহা । আৰক্ষী তথা আবকাৰী বিভাগক মেনেজ কৰি দীৰ্ঘদিন ধৰি সাতগাঁৱৰ গনেশ ৰয় নামৰ লোকজনে নিজ বাস গৃহতে চলাই আহিছে সুৰাৰ বেহা ।  

সাংবাদিকৰ এটা দল আৰু লাচিত সেনাৰ গোপন অভিযানত ধৰা পৰিল সুৰাৰ অবৈধ ব্যৱসায় । লক্ষণীয় কথা এই যে সুৰা বিক্ৰীৰ কোনো অনুজ্ঞা পত্ৰ নথকাৰ পিছতো আৰক্ষীক মেনেজ কৰি সুৰাৰ বেহা চলাই আহিছিল গণেশ ৰয় নামৰ লোকজনে । আনকি ঘৰৰ ব্যৱহৃত ফ্ৰিজত শাক পাচলি পৰিৱৰ্তে মজুত কৰিছে বিদেশী ব্ৰেণ্ডৰ নানান সুৰাৰ বটল ।  

অভিযোগ অনুসৰি সুৰা বিক্ৰীৰ অনুজ্ঞা পত্ৰ নথকা বাবে এই সুৰাৰ বেহা চলাই নিয়াৰ বাবে গণেশ ৰয়ে আবকাৰী বিভাগক দিয়ে মাহিলী ১৫০০০ টকা । আনকি সাতগাঁও আৰক্ষী থানাকো এই ব্যৱসায় চলাই নিয়াৰ বাবে হয় মোটা অংকৰ ধন প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । সুৰাৰ বেহা চলাই থকা গণেশ ৰয় নামৰ লোকজনৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । 

লগতে পঢ়ক: India vs WI 4th T20 Match: যশস্বীৰ বিস্ফোৰক বেটিঙেৰে ভাৰতৰ সহজ জয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.