Illegal Bangladeshi Infiltrator: মটৰ চাইকেলেৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী যুবকৰ পৰিচয় উদ্ধাৰ

By

Published : Jul 1, 2023, 12:30 PM IST

thumbnail

কৰিমগঞ্জ, 1 জুলাই: অবৈধভাৱে মটৰচাইকেলেৰে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী যুবকৰ পৰিচয় উলিয়ালে কৰিমগঞ্জ আৰক্ষীয়ে ৷ সুদীৰ্ঘ 48 ঘণ্টা অতিক্ৰম কৰাৰ পিছত কৰিমগঞ্জ আৰক্ষীৰ হাতত উদ্ধাৰ হ'ল বাংলাদেশী যুৱকে কঢ়িয়াই অনা এটা বেগ ৷ কৰিমগঞ্জৰ এওচি পইণ্টৰ সম্মুখত থকা মহাৰাজা হোটেলৰ কাষত পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বেগটো ৷  

বেগটো উদ্ধাৰ কৰাৰ লগে লগে আৰক্ষীয়ে বোমা স্কোৱাডক মাতি বেগত বিস্ফোৰকৰ উপস্থিতি পৰীক্ষা কৰা হয় ৷ কোনো বিস্ফোৰক সামগ্ৰীক নথকাটো নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে বেগত তালাচী চলাই এখন ম্যাদ উকলি যোৱা বাংলাদেশৰ পাচপোৰ্ট, প্ৰেছক্ৰিপশ্যনৰ লগতে কিছু মেডিকেল পৰীক্ষাৰ ৰিপোৰ্ট, দুখন ফটো আৰু কিছু কাপোৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, ম্যাদ উকলি যোৱা বাংলাদেশৰ পাচপোৰ্টত যুৱকজনৰ নাম মহম্মদ আব্দুছ চামাদ চৌধুৰী বুলি উল্লেখ আছে আৰু তেওঁৰ ঘৰ বাংলাদেশৰ চিলেট জিলাৰ জকিগঞ্জত বুলি জানিব পৰা হৈছে ৷ কি উদ্দেশ্যেৰে যুৱকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিলে লগতে যুৱকজনৰ সন্ধানত আৰক্ষীৰ তদন্ত আৰু অভিযান অব্যাহত আছে ৷

উল্লেখযোগ্য যে, কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেহু ভাঙি এখন বাংলাদেশৰ পঞ্জীয়ন থকা মটৰ চাইকেলেৰে এটা অনুপ্ৰৱেশকাৰী অসমৰ মাটিত প্ৰৱেশ কৰিছিল ৷ অসমত প্ৰৱেশ কৰাৰ পাছতেই মটৰ চাইকেল এৰি নিৰুদিষ্ট হৈ পৰে অনুপ্ৰৱেশকাৰীটো ৷ এই ঘটনাৰ পাছত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰুদিষ্ট অনুপ্ৰৱেশকাৰীৰ সন্ধানত স্নিফাৰ ডগ লৈ অভিযান চলায় ৷ অভিযানত কৰিমগঞ্জ চহৰৰ পুৰাতন ষ্টেছন ৰোডত উদ্ধাৰ কৰা হয় এখন বাংলাদেশৰ পঞ্জীয়ন থকা মটৰ চাইকেল ৷ অৱশ্যে বৰ্তমানেও অনুপ্ৰৱেশকাৰীটোৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: Junmoni Rabha Death case: জোনমণি ৰাভাৰ মৃত্যুৰ CBIয়ে সঠিক তদন্ত কৰিব; মন্ত্ৰী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.