Junmoni Rabha Death case: জোনমণি ৰাভাৰ মৃত্যুৰ CBIয়ে সঠিক তদন্ত কৰিব; মন্ত্ৰী পীযুষ হাজৰীকা

By

Published : Jun 30, 2023, 6:04 PM IST

thumbnail

গুৱাহাটী, 30 জুন: শুকুৰবাৰে জোনমণি ৰাভাৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ নিহত আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে শুকুৰবাৰে হেলথ চিটি হাস্পতালত উপস্থিত হ’ল মন্ত্ৰী পীযুষ হাজৰীকা । উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে জোনমণিৰ জ্যেষ্ঠ ভাতৃ। কিছুদিন পূৰ্বে শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাৰ বাবে জোনমণিৰ জ্যেষ্ঠ ভাতৃক ভৰ্তি কৰোৱা হৈছিল হেলথ চিটি হাস্পতালত। ধনৰ অভাৱৰ বাবে জোনমণিৰ জ্যেষ্ঠ ভাতৃক উন্নত চিকিৎসা কৰোৱা নাছিল বুলি উল্লেখ কৰিছিল জোনমণিৰ মাতৃয়ে । 

তাৰ পিচতেই শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই সাক্ষাৎ কৰে দুৰ্ভগীয়া পৰিয়ালটোক । হেলথ চিটি হস্পিতালত উপস্থিত হোৱাৰ পাচত পৰিয়ালটোক এক আৰ্থিক সাহাৰ্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷ ‘‘আমাৰ দলৰ ফালৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে । মই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মৰ্মে পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ আহিছো ’’ বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷ জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘পৰিয়াল আৰু ৰাইজে বিচাৰিছিল CBIৰ তদন্ত । CBIৰ তদন্তৰ ওপৰত মোৰ ক’ব লগা একো নাই । CBIৰ ওপৰত মোৰ বিশ্বাস আছে । CBIয়ে সঠিক তদন্ত কৰিব ।’’

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে শিৱসাগৰত সকলো বিৰোধীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.