HYCP Assam Press Conference: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সংবাদমেল

By

Published : Jun 16, 2023, 11:00 PM IST

thumbnail

গুৱাহাটী,১৬ জুন: "অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে অসম চৰকাৰৰ যোগান বিভাগ" এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যৰ । শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত বৈশ্যই মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ কয় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক কোঙা কৰি পেলাইছে ।  

তদুপৰি চৰকাৰৰ বিনামূলীয়া আঁচনিয়ে এলেহুৱা কৰিছে বৰ্তমান সমাজখনক । জীৱন দায়িনী ঔষধৰ পৰা ৰন্ধন গেছলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা বিদ্যুৎ মাছুললৈ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰি তুলিছে । ৰাজ্যখনত অভাৱনীয় ভাৱে হোৱা মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।  

তেওঁ লগতে কয় মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে যোগান মন্ত্ৰী । জনতাৰ ৰোষত পৰাৰ ভয়ত যোগান মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক লগত লৈ বজাৰত প্ৰৱেশ কৰি বেপাৰীৰ পৰা সামগ্ৰীৰ দাম সুধি চমক সৃষ্টি কৰাহে দেখা যায় বুলি কটাক্ষ কৰে । আনহাতে তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায় কয় যে এক লাখ নিৱনুৱাক চাকৰি দিয়াৰ লগতে ৰাজ্যত থকা ৩০ লাখ নিবনুবাক কৰ্মস্থাপন দিবলৈ দাবী উত্থাপন কৰে । 

লগতে পঢ়ক: Assam govt announces award: আঠ গৰাকী বিশিষ্ট ব্যক্তিলৈ সাতটা বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.