জিলা গঠনৰ পাছত প্ৰথমবাৰৰ বাবে লখিমপুৰত মহিলা আয়ুক্তৰ যোগদান

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:13 PM IST

thumbnail

লখিমপুৰ, 6 ডিচেম্বৰ : লখিমপুৰত প্ৰথমবাৰৰ বাবে মহিলা জিলা আয়ুক্তৰ যোগদান ৷ লখিমপুৰ জিলা গঠনৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে মহিলা জিলা আয়ুক্তই যোগদান কৰে জিলাখনত ৷ পূৰ্বৰ জিলা আয়ুক্ত সুমিত সাত্তাৱন কামৰূপ মহানগৰৰ জিলা আয়ুক্ত হিচাবে বদলি হোৱাৰ পিছত, তেওঁৰ ঠাইত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গায়ত্ৰী দেৱী দাসে বুধবাৰে জিলাখনত আয়ুক্ত হিচাবে যোগদান কৰে ৷

উল্লেখ্য যে, গায়ত্ৰী দেৱী দাস জিলাখনত যোগদান কৰা প্ৰথমগৰাকী মহিলা জিলা আয়ুক্ত ৷ লখিমপুৰ জিলা গঠনৰ পাছত 1971 চনৰ 2 অক্টোবৰত প্ৰথম উপায়ুক্ত হিচাপে আৰিফ আলিয়ে দায়িত্ব গ্ৰহণ কৰিছিল ৷ তাৰ পাছৰ পৰা সদ্য বিদায়ী সুমিত সাত্তাৱনলৈকে জিলাখনত 37 গৰাকী জিলা আয়ুক্তই কাৰ্যনিৰ্বাহ কৰে ৷

বুধবাৰে গায়ত্ৰী দেৱী দাসে জিলাখনৰ নতুন আয়ুক্ত হিচাপে যোগদান কৰে ৷ যোগদান কৰিয়েই তেওঁ জিলা আয়ুক্ত কাৰ্যালয়টো তন্ন তন্নকৈ পৰিদৰ্শন কৰে ৷ যোগদান কৰি তেওঁ জিলাখনৰ উন্নয়নৰ হকে ৰাইজৰ সহযোগিতাৰে কাম কৰি যাব বুলি কয় ৷ 

লগতে পঢ়ক : ধ্বংসৰ গৰাহত বাঘৰ চুকৰ সুগন্ধি আৰু ঔষধি উদ্ভিদৰ উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.