Indrani Tahbildar Death: ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ দোষীয়ে উচিত শাস্তি পাব বুলি আশাবাদী স্বামী

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:51 PM IST

thumbnail

গুৱাহাটী, ১ নৱেম্বৰ: বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্ত । ইয়াৰ মাজতেই ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাত জৰিত অভিযুক্ত সকল মুকলি আকাশৰ তলত ওলাই অহাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বামী ৰিতেশ তহবিলদাৰে ।  

ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ তদন্ত সন্দৰ্ভত স্বামী ৰিতেশ তহবিলদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"ঘটনাৰ আৰক্ষী আৰু ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে । ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাত জৰিত অভিযুক্তসকল মুকলি আকাশৰ তলত ওলাই আহিছে যদিও ন্যায়ালয়ৰ ওপৰত ভৰসা আছে মোৰ । দোষীয়ে উচিত শাস্তি পাব বুলি আশাবাদী ।"  

ইপিনে,আৰক্ষীৰ তদন্তত তেওঁ সন্তুষ্ট বুলি উল্লেখ কৰি কয়,"ফ'ৰেনচিক ৰিপোৰ্ট আহিলেহে আৰক্ষীয়ে অভিযোগনামা  দাখিল কৰিব পাৰিব বুলি আৰক্ষীৰ ফালৰ পৰা মোক জনাইছে । আৰক্ষীৰ তদন্তত মই সন্তুষ্ট । ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে বাবে উপযুক্ত তদন্তৰ আশাত আছো ।"

লগতে পঢ়ক:Indrani Tahbildar Death: ইন্দ্ৰাণী কাণ্ডত বিজেপি দল আৰু চৰকাৰত জোকাৰণি; মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই তৃষ্ণা শৰ্মাক বহিষ্কাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.