Ganja Seized: কৰিমগঞ্জত প্ৰায় 30 লাখ টকাৰ গাঞ্জা জব্দ

By

Published : Apr 16, 2023, 7:06 AM IST

thumbnail

কৰিমগঞ্জ, 16 এপ্ৰিল: নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ এনে কঠোৰ অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছ তথা আন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় (Anti Drugs Mission of Assam police)।  

এইবাৰ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা (Huge amount of Ganja seized in Karimganj) ৷ শনিবাৰে চূড়াইবাৰী আৰক্ষী থানাৰ সন্মুখত, অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় 30 লাখ টকা মূল্যৰ গাঞ্জা ভৰ্তি এখন বাহন ৷ বাহনখনত গোপনে লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে 38 টা পেকেটত 387 কেজি গাঞ্জা জব্দ কৰে ৷ লগতে বাহন খনৰ চালক নাৰাযণ ৰূপিনী নামৰ ব্যক্তি জনকো আটক কৰিছে আৰক্ষীয়ে (Ganja seized at Karimganj Assam Tripura border) ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Titabor murder case : এটা পেন্টৰ বাবেই পুত্ৰই হত্যা কৰিলে পিতৃক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.