Ganja seized in Assam Tripura Border: ত্রিপুৰা সীমান্তত বুজন পৰিমাণৰ গাঞ্জা জব্দ

By

Published : Oct 18, 2022, 4:19 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

বিগত 24 ঘণ্টাৰ ভিতৰত কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তত দুবাৰকৈ জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Assam Tripura Border) ৷ কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চুড়াইবাড়িত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই এখন বাৰচকীয়া বাহনৰ পৰা তিনি টন দুই কুইন্টল ৪৩ কেজি গাঞ্জাসহ আটক কৰে বাহনখনৰ চালকক ৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি ত্ৰিশ লাখ টকা হ’ব বুলি জনাই আৰক্ষীয়ে ৷ আটকাধীন চালকজন আগৰতলাৰ আমতলীৰ মাণিক সিং বুলি জানিব পৰা গৈছে । চূড়াইবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান । বিগত তিনিদিন ধৰি চলি থকা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই গাঞ্জাখিনি । অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে ধৃত চালকক ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.