HSLC examination 2023: নতুন শিক্ষা নীতিৰ আধাৰত ৩ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষা

By

Published : Feb 8, 2023, 7:04 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: অহা ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব । নতুন শিক্ষানীতিৰ আধাৰত এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব (HSLC examination 2023)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইতিমধ্য়ে সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা (SEBA) । এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ছেবা কৰ্তৃপক্ষই আৰম্ভ কৰিছে ব্যপক তৎপৰতা । এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা পূৰ্বৰ পৰীক্ষা পদ্ধতিৰ ব্যাপক সালসলনি হ'ব ।  

এইবাৰ ৪টা বিষয়ত থাকিব ৫০ টাকৈ ১ নম্বৰৰ প্ৰশ্ন (Objective Questions)। পৰীক্ষাৰ্থীয়ে অবজেক্টিভ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্য়ৱস্থা থাকিব বুলি ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সদৰী কৰিছে (SEBAs controller of examinations)। আনহাতে, বৰ্ণনামূলক প্ৰশ্ন থাকিব ৫০ শতাংশ । অৰ্থাৎ শিক্ষাৰ্থীয়ে ১ নম্বৰৰ ৫০ টা প্ৰশ্নৰ উত্তৰ কৰাৰ সুযোগ লাভ কৰিব । ইংৰাজী,গণিত,সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব দুখনকৈ প্ৰশ্ন কাকত । সেইদিনা পুৱা ৮.৪৫ বজাত যোগান ধৰা হ'ব প্ৰথমখন প্ৰশ্ন কাকত । এঘণ্টা পিছত দিয়া হ'ব আনখন প্ৰশ্ন কাকত । দুয়োখন প্ৰশ্নৰ উত্তৰ বহী একেলগে জমা দিব লাগিব পৰীক্ষাৰ্থীয়ে ।  

আনহাতে,গণিত বিষয়ত পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে ছেবাই উত্তৰ বহীৰ সোফালে আছুতীয়া কৈ ৰাখিব প্ৰশ্নৰ সমধান কৰিব পৰা ঠাই । ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ক ছেবাই এই কথা সদৰী কৰা বুলি সংবাদ মাধ্যমৰ আগত কয় ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই । হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৰাজ্যৰ সৰ্বমুঠ 4,22,193 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ'ব । ছাত্ৰ -ছাত্ৰী অনুপাতে পৰীক্ষা কেন্দ্ৰ থাকিব লিখিতৰ বাবে 912টা (Theory) আৰু ব্যৱহাৰিকৰ বাবে 754টা (Practical)। উল্লেখ্য় যে অহা ৬ মাৰ্চত গণিত,৯ মাৰ্চত সমাজ বিজ্ঞান,১৩ মাৰ্চত সাধাৰণ বিজ্ঞান,১৫ মাৰ্চত অসমীয়া আৰু ২০ মাৰ্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সদৰী কৰিছে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে। 

লগতে পঢ়ক:Massive fire break out: গোলাপাৰাত পশুধনসহ মহিলা অগ্নিদগ্ধ, সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.