HSLC Exam 2023: কটকটীয়া নিৰাপত্তাৰ মাজেৰে মাজুলীত আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

By

Published : Mar 3, 2023, 12:39 PM IST

thumbnail

মাজুলী, 3 মাৰ্চ : সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা মাজুলীতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC Exam 2023) । নতুন শিক্ষা নীতিৰ আধাৰত এইবাৰ অনুস্থিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (New education policy 2023) । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,২২,১৭৪ গৰাকী শিক্ষাৰ্থী । মাজুলীত ৩০৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে (HSLC Exam 2023 at Majuli) । 

আন বছৰৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কিছু পৃথক ব্যৱস্থা গ্ৰহণেৰে অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । মাজুলীত স্থাপন কৰা হৈছে ১২ টাতকৈ অধিক পৰীক্ষা কেন্দ্ৰ ৷ আটাইকেইটা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । হাইস্কুল শিক্ষান্ত পৰীক্ষাটো সুচাৰুৰূপে সমাপন কৰিবলৈ পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰা সংযোগ কৰাৰ লগতে নিৰাপত্তাজনিত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ।

উল্লেখ্য যে, পৰীক্ষা সুশৃখংলিতভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে এইবাৰ ছেবাই পৰীক্ষা কেন্দ্ৰবোৰত চিচিটিভি, আৰক্ষী মোতায়েনৰ লগতে কেন্দ্ৰবোৰৰ আশে-পাশে 144 ধাৰা জাৰি কৰিছে ৷

লগতে পঢ়ক : Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.