Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

By

Published : Mar 3, 2023, 9:32 AM IST

thumbnail

যোৰহাট, 3 মাৰ্চ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত যোৰহাটৰ টীয়কত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি (PMAY scam at Teok) ৷ এই অভিযোগ উত্থাপন কৰিছে এগৰাকী ভুক্তভোগী হিতাধিকাৰীয়ে ৷ এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অযােগ্য সকলেহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীৰ লগতে স্থানীয় ৰাইজেও (Allegations of corruption in allocation of PMAY houses) ৷ 

টীয়ক সমষ্টিৰ অন্তৰ্গত ৫ নং পূব টীয়ক গাঁও পঞ্চায়তৰ একাংশ পঞ্চায়ত সদস্যৰ বিৰুদ্ধে পঞ্চায়তখনৰ একাংশ ৰাইজে দুৰ্নীতি, স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰিছে । পঞ্চায়তখনৰ অধীনস্থ ৮ নং ৱাৰ্ডৰ একাংশ ৰাইজে পঞ্চায়ত প্ৰতিনিধি সকলৰ বিৰুদ্ধে ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰি দৰিদ্ৰ লোকসকলক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি ধনৱন্ত লোকক চৰকাৰী আঁচনিৰ হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰি আহিছে বুলি উল্লেখ কৰে । 

যোৱা প্ৰায় চাৰে চাৰিটা বছৰৰ কাৰ্যকালত পঞ্চায়তখনে কেৱল ধনৰ বিনিময়ত চৰকাৰী আৱাস গৃহকে ধৰি অনান্য চৰকাৰী আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰে, যাৰ বাবে প্ৰকৃত দৰিদ্ৰ লোকসমূহ এই আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱাৰ অভিযোগ উঠা দেখিবলৈ পোৱা গৈছে । বিপৰীতে পকী ঘৰ থকা লোকক চৰকাৰী আৱাসগৃহ আবন্টন দিয়াৰ লগতে একেটা পৰিয়ালৰে দুই - তিনিজনকৈ লোকক আৱাস গৃহ আবন্টন দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেয়ে এই ক্ষেত্ৰত এক উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক আঁচনিৰ গৃহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে (Pradhan Mantri Awas Yojana Scam) ।

উল্লেখ্য যে, ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ ক’ৰবাত যদি প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে ক’ৰবাত আকৌ নিম্ন মানদণ্ডৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ৷ আনকি পুৰণি গৃহকে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰি লুণ্ঠন চলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন জিলাৰ বিভিন্ন পঞ্চায়ত তথা ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : HSLC examination starting today: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ১৪৪ ধাৰা জাৰি যোৰহাটত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.