আহোমৰ বিষয়ে সম্যক জ্ঞান নথকা অসমীয়া ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:05 PM IST

thumbnail

লখিমপুৰ, ১ ডিচেম্বৰ: শুকুৰবাৰে এটা ইউটিউব চেনেলৰ ভিডিঅ’ৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৰ থানা সমূহত এজাহাৰ দাখিল কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ জিলা সমিতিসমূহে । আন জিলাৰ দৰে লখিমপুৰ সদৰ থানাতো পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে ।

জিলা সমিতিয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে শেহতীয়াকৈ অসমৰ Enchanted Studio নামৰ এটা ইউটিউব চেনেলৰ জৰিয়তে গুৱাহাটীৰ আদিদ ৰহমান আৰু চাৰা চাংমা নামৰ দুগৰাকী যুৱক-যুৱতীয়ে তেওঁলোকৰ কথোপকথনত অসমক জংঘলৰ লগত তুলনা কৰাৰ লগতে আহোম, কোচ, কছাৰী আদি জনগোষ্ঠীৰ ওপৰত বহুতো বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হৈছে ।

বিশেষকৈ আহোম জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰি ৬০০ বছৰে ৰাজত্ব কৰা জনগোষ্ঠীটোক চূড়ান্ত অপমান কৰি ধর্মীয় প্ৰতীকক ভেঙুচালি, বুৰঞ্জীৰ অপব্যাখ্যা, জনগোষ্ঠীয় সাজপাৰক তাচ্ছিল্য, ধর্মীয় চেতনাক আঘাত হানিছে । এনেধৰণৰ মন্তব্যই অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজত অটুত থকা শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা সৃষ্টি হৈছে । ভাৰতীয় দণ্ডবিধি আইনৰ লগতে অন্য উপযুক্ত ধাৰাত গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ সংগঠনটোৱে এজাহাৰ খনত আৰক্ষীক আবেদন জনায় । পৰিষদৰ এই গোচৰ গ্ৰহণ কৰি আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক : হাৱালা চক্ৰৰ ধন আত্মসাতৰ অপৰাধত পুনৰ এজন আৰক্ষীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.