Martyr Mitu Kalita:বাক্সাৰ শ্বহীদ মিটু কলিতাৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:15 PM IST

thumbnail

বাক্সা, ১০ অক্টোবৰ : বাক্সাৰ আনন্দ বজাৰত ৰাতিপুৱা উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ছিকিমত বানৰ সংহাৰত নিহত হোৱা সেনা জোৱান মিটু কলিতাৰ বাসগৃহত মঙলবাৰৰ ৰাতিপুৱা উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত হোৱা আকস্মিক বানত সন্ধানহীন হৈ আছিল মিটু কলিতা ৷ ঘৰলৈ উভতি অহাৰ সময়তে ডাৱৰ বিস্ফোৰণত সন্ধানহীন হৈ পৰে সেনা জোৱান মিটু কলিতা ৷ উল্লেখ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি মিটু কলিতাৰ ছিকিমলৈ গৈছিল ৷

মিটু কলিতাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গক চৰকাৰৰ তৰফৰ পৰা পাঁচ লাখ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰে তেওঁ ৷

লগতে পঢ়ক : Indian Army rescue operation : ছিকিমত আৱদ্ধ 1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.