6th Foundation Day of HS Principals Forum: তিনিচুকীয়াত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:22 PM IST

thumbnail

তিনিচুকীয়া,১৪ অক্টোবৰ: শনিবাৰে তিনিচুকীয়াৰ সাৰ্বজননীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সভাগৃহত তিনিচুকীয়া জিলা অধ্যক্ষ মঞ্চৰ আতিথ্যত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত আলোচনা চক্ৰৰ মূল বিষয় "নতুন শিক্ষানীতি ২০২০ অনুসৰি +২ স্তৰৰ ভৱিষ্যৎ" ৰ ওপৰত আলোচক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোহাঁই আৰু বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমৰজিৎ শইকীয়া ৷  

সমান্তৰালভাৱে উক্ত আলোচনা চক্ৰৰ উদ্বোধক হিচাপে বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত স্বপ্নীল পাল, সন্মানীয় অতিথি হিচাপে জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত আৰু বিশিষ্ট অতিথি হিচাপে অতিৰিক্ত আয়ুক্ত (শিক্ষা) সোণতৃষ্ণা ঘৰফলীয়া উপস্থিত থাকে ৷ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আলোচনা চক্ৰত মঞ্চৰ সভাপতি কল্পনা গগৈ, সাধাৰণ সম্পাদক আমানৰ লগতে ৰাজ্যৰ অৰ্ধশতাধিক অধ্যক্ষ-অধ্যক্ষা উপস্থিত থাকে ৷

লগতে পঢ়ক: Foundation Day of AGP: বৰপেটাত অগপৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ পৰিয়ালক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.