বিদ্যালয়তে প্ৰধান শিক্ষকৰ আত্মহত্যা

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:32 PM IST

thumbnail

নগাঁও, 29 ডিচেম্বৰ : নগাঁৱত চাঞ্চল্যকৰ ঘটনা । শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ । নগাঁও আৰ্বান হাইস্কুলৰ প্ৰধান শিক্ষক পাৰ্থসাৰথি লস্কৰৰ আত্মহত্যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

বিদ্যালয় ছুটীৰ পিচতে কৰ্মচাৰীয়ে তলাবন্ধ কৰিবলৈ গৈ চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে প্ৰধান শিক্ষক পাৰ্থসাৰথি লস্কৰৰ মৃতদেহ । লগে লগে তেওঁ স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বৰ্তমানলৈকে শিক্ষকগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, শুকুৰবাৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰে । সহকাৰী শিক্ষয়িত্ৰীৰ অৱসৰৰ দিনাই প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়তেই চিপ লৈ আত্মহত্যা কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : ২০২৩ বর্ষই কেৱল চকুপানী-দুখ-যন্ত্ৰণা উপহাৰ দিয়া এগৰাকী দুৰ্ভগীয়া মাতৃ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.