ETV Bharat / state

২০২৩ বর্ষই কেৱল চকুপানী-দুখ-যন্ত্ৰণা উপহাৰ দিয়া এগৰাকী দুৰ্ভগীয়া মাতৃ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:56 PM IST

Junmoni Rabha Case: এগৰাকী দুৰ্ভগীয়া মাতৃ । বিদায়ী ২০২৩ বর্ষটো মাতৃগৰাকীৰ বাবে যেন এটা অভিশপ্ত বর্ষ । এই বৰ্ষটোতেই মাতৃগৰাকীয়ে লাভ কৰিলে কেৱল দুখ, যন্ত্ৰণা আৰু চকুপানী । এই বর্ষটোতেই সৰ্বস্ব হেৰুৱালে মাতৃগৰাকীয়ে । এতিয়া চকুৰে কোনো বাট দেখা নোপোৱা অৱস্থাৰ সৃষ্টি হোৱা মাতৃগৰাকী কোন ? সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন...

Junmoni Rabha Case
জোনমণি ৰাভা

নগাঁও, 29 ডিচেম্বৰ : বিদায় বেলাত ২০২৩ বর্ষ । চৌদিশে এতিয়া পুৰণি বর্ষক বিদায় দি নতুন এটা বর্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি । বিদায়ী ২০২৩ বৰ্ষটিয়ে হয়তো মুকলি কৰিছে বহুতৰে ভাগ্যৰ দুৱাৰ, কাৰোবাৰ হয়তো জীৱন আলোকিত কৰা এটা বর্ষ ২০২৩ । কিন্তু কাৰোবাৰ বাবে হয়তো জীৱনলৈ অন্ধকাৰ নমাই অনা এটা বর্ষ ২০২৩ ।

২০২৩ বৰ্ষটোৱে কাৰোবাৰ মুখত যদি বিৰিঙাইছে হাঁহি, কাৰোবাক আকৌ আজীৱন চকুপানী উপহাৰ দিলে বৰ্ষটোৱে । বৰ্ষটোৰ বিদায়বেলাত আমি ক’ব বিচাৰিছোঁ জীৱনৰ সৰ্বস্ব হেৰুওৱাই এতিয়া কেৱল দুখ যন্ত্ৰনাত জীৱন অতিবাহিত কৰা এগৰাকী দুৰ্ভগীয়া মাতৃৰ কথা ।

২০২৩ বৰ্ষটোতেই যেন কাল অমানিশা নামি আহিল আমি ক’ব বিচৰা মাতৃগৰাকীলৈ । দুৰ্ভগীয়া মাতৃগৰাকী হৈছে অসম আৰক্ষীৰ প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা । এই বৰ্ষটোতেই একমাত্ৰ উপার্জনকাৰী কন্যাৰ লগতে পুত্ৰকো হেৰুৱাই এতিয়া চকুৰে বাট নেদেখা অৱস্থা এইগৰাকী দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাৰ ।

বহু কষ্টৰে নিজ কন্যা জোনমণি ৰাভাক উচ্চশিক্ষা গ্ৰহণ কৰোৱাৰ পিছত হাঁহিবলৈ আৰম্ভ কৰিছিলহে মাতৃ সুমিত্ৰা ৰাভাই ৷ কাৰণ উচ্চশিক্ষা গ্ৰহণ কৰিয়েই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাবে নিযুক্তি লাভ কৰিছিল জোনমণি ৰাভাই । আৰ্থিক অনাটনৰ মাজেৰে দিন পাৰ কৰা পৰিয়ালটোৰ উপার্জনকাৰী জোনমণি ৰাভাৰ উপাৰ্জনৰ ওপৰতে একমাত্ৰ নিৰ্ভৰশীল ।

পৰিয়ালৰ সকলো দায়িত্বই মূৰ পাতি লৈছিল জোনমণি ৰাভাই । আনকি ৰুগীয়া জ্যেষ্ঠ ভাতৃৰ চিকিৎসাৰ ব্যয়ো বহন কৰিবলগীয়া হৈছিল জোনমণি ৰাভাই । আৰক্ষী বিষয়া কন্যাৰ চৰকাৰী আৱাসত প্ৰায়েই জোনমণি ৰাভাৰ সৈতে কটাইছিল মাতৃ সুমিত্ৰা ৰাভাই ।

সেইদিনাও কন্যাৰ সৈতে গুৱাহাটীৰ পৰা জোনমণি ৰাভাৰ কৰ্মস্থলী নগাঁৱৰ চৰকাৰী আবাসলৈ আহিছিল মাতৃ সুমিত্ৰা ৰাভা । সেইদিনা অৰ্থাৎ মাতৃ সুমিত্ৰা ৰাভাৰ বাবে এটা অভিশপ্ত দিন ১৫ মে’ । মাতৃ সুমিত্ৰা ৰাভাক নিজৰ চৰকাৰী কোৱাৰ্টাৰত থৈ ওলাই গৈছিল জোনমণি ৰাভা । মাতৃক আহি আছোঁ বুলি ওলাই যে গ’ল জীৱন্তে আৰু উভতি নাহিল কন্যা জোনমণি ৰাভা । কিন্তু দুপৰ নিশালৈক জোন আহিব বুলি অপেক্ষা কৰি থকা মাতৃৰ ওচৰলৈ আৰু নাহিল জোন ।

মাজনিশা এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সেই নগাঁৱতেই কৰ্মৰত এছ আই জোনমণি ৰাভাই । পুৱাই নিঠৰ হৈ বগা কাপোৰেৰে ঢাকি অনা জোনৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰাৰ পিছতেই যেন সৰগ ভাগি পৰিল সুমিত্ৰা ৰাভাৰ মূৰত । ওৰে নিশা কন্যা জোনমণি ৰাভাৰ অপেক্ষাত চটফটাই থকা মাতৃ সুমিত্ৰা ৰাভাই কোনো কাৰণতেই মানি ল’ব বিচৰা নাই জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ।

ৰাজ্যজুৰি উত্থাপন হ’ল জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত । ঘটনাৰ এটা দিন পিছতেই অসম আৰক্ষীৰ অনুসন্ধান শাখাই আৰম্ভ কৰিছিল তদন্ত । চি আই ডিয়ে তদন্ত আৰম্ভ কৰাৰ সময়তেই মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে’ত জোনমণি ৰাভাৰ মৃত্যুক হত্যাকাণ্ড বুলি দাবী কৰি জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । য’ত অভিযুক্ত কৰা হৈছিল সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেসহ কেবাগৰকীও আৰক্ষী বিষয়াক ।

পৰৱৰ্তী সময়ত ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে কেন্দ্ৰীয় অনুসন্ধান শাখা চি বি আয়ে । চি বি আইৰ ডি আই জি লাভলী কটিয়াৰৰ নেতৃত্বত এটা দল নগাঁৱত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও আজি পৰ্যন্ত ন্যায় লাভ নকৰিলে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই ।

ইপিনে কন্যাৰ মৃত্যুৰ ন্যায়ৰ অপেক্ষাত থকা পৰিয়ালটোত দেখা দিলে তীব্ৰ অৰ্থ সংকটে । অমুঠি অন্নৰ চিন্তা কৰিবলগীয়া জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জ্যেষ্ঠ পুত্ৰৰ চিকিৎসা ব্যয় কৰাত অপাৰগ হৈ পৰিল । এফালে একমাত্ৰ উপার্জনকাৰী কন্যাৰ মৃত্যুৰ শোক, আনফালে অৰ্থ সংকট । তাৰ মাজতেই দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই হেৰুৱালে পুত্ৰকো ।

এটা বর্ষতেই কন্যা, পুত্ৰক হেৰুওৱাৰ বেদনা বুকুত লৈ এতিয়া ২০২৩ বর্ষক বিদায় দিবলৈ সাজু হৈছে দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই । কাৰণ ২০২৩ বর্ষটোত কেৱল চকু পানীয়েই যেন উপহাৰ হিচাপে লাভ কৰিলে সুমিত্ৰা ৰাভাই । উল্লেখযোগ্য যে, বিগত ১৫ মে’ত হোৱা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চি বি আইৰ দৰে উচ্চ পৰ্যায়ৰ অনুসন্ধানকাৰী সংস্থায়ো আজি পৰ্যন্ত ন্যায় দিব পৰা নাই । সমগ্ৰ ৰাজ্যজুৰি আজিও চৰ্চিত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰসংগ । কেতিয়া ন্যায় লাভ কৰিব দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই ?

লগতে পঢ়ক: Junmoni Rabha case : লখিমপুৰত জোনমণি ৰাভাৰ অভিযান প্ৰসংগত আদালতত চিবিআইৰ দাখিল চাৰ্জশ্বীট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.