Handloom Textile office inauguration : বিজনীত বস্ত্ৰ-শিল্প বিভাগৰ মহকুমা অধীক্ষকৰ কাৰ্যালয় মুকলি
Published: Sep 19, 2023, 8:42 PM
চিৰাং, 19 ছেপ্টেম্বৰ : চিৰাং জিলাৰ বিজনীত মঙলবাৰে হস্ত-তাঁত আৰু বস্ত্ৰ-শিল্প বিভাগৰ বিজনী মহকুমা অধীক্ষকৰ কাৰ্যালয় মুকলি কৰা হয় । ৰাজ্যৰ অৰ্থনীতি টনকিয়াল আৰু শিপিনী সকলৰ পৰিয়ালক আৰ্থিকভাবে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে বিজনীৰ ভেটাগাঁৱত স্থাপন কৰা হৈছে মহকুমা অধীক্ষকৰ কাৰ্যালয়টো ৷ হস্ত-তাঁত আৰু বস্ত্ৰ-শিল্প বিভাগৰ তৰফৰ পৰা লোৱা আঁচনি অনুসৰি স্থাপন কৰা হৈছে উক্ত কাৰ্যালয়টো ৷
মঙলবাৰে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । কাৰ্যালয়টো উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় যে, তিনি লাখ শিপিনীক প্ৰশিক্ষণ দিয়া হ'ব ৷ আনহাতে আজিৰ কাৰ্যসূচীতে 60 গৰাকী শিপিনীক বোৱা-কটা মেচিন প্ৰদান কৰা হয় ।
ইফালে বিপিএফৰ সন্দৰ্ভত বড়োৱে কয়,‘‘ ৰাইজে ইতিমধ্যে বিপিএফক বিদায় দিছে ৷ নিৰ্বাচনৰ সময়ত সকলোৱে কয় নিজৰ দল শক্তিশালী বুলি ৷ কিন্তু ৰাইজেহে ভোট দিব ৷’’
আজিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত হস্ত-তাঁত আৰু বস্ত্ৰ-শিল্প বিভাগৰ বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্যবাহী সদস্য মাধৱ ছেত্ৰী, মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰীসহ পাৰিষদ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক