Artificial Flood in Guwahati: এজাক বৰষুণে উটুৱাই নিলে মহানগৰীৰ আভিজাত্য

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:48 PM IST

thumbnail

গুৱাহাটী, 30 ছেপ্টেম্বৰ : শনিবাৰে অহা মুষলধাৰ বৰষুণত বুৰিল গুৱাহাটী মহানগৰী ৷ বিয়লিৰ ভাগৰ পৰা অহা বৰষুণে বুৰালে মহানগৰীৰ বিভিন্ন স্থান ৷ ফলত স্তব্ধ হ’ল যাতায়ত ব্যৱস্থা, সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ বিশেষকৈ মহানগৰীৰ চান্দমাৰী, শিলপুখুৰী, গুৱাহাটী ক্লাব, আমবাৰী, উলুবাৰী, বি বৰুৱা ৰোড, কাহিলীপাৰা, জটিয়া, গান্ধীবস্তি, জি এছ ৰোডকে ধৰি মহানগৰী বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয় ৷

কৃত্ৰিম বানৰ ফলত গণেশগুৰি-কাহিলীপাৰা পথ, চান্দমাৰীকে ধৰি কেইবাটাও পথত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ মহানগৰী চৌদিশে সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে । ইপিনে আজি গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া এদিনীয়া ক্ৰিকেটত বিশ্বকাপৰ ভাৰত-ইংলেণ্ডৰ প্ৰস্তুতি মেচখনো বৰষুণৰ বাবে বাতিল কৰিব লগীয়া হৈছে ৷ ফলত অনুৰাগীসকল হতাশ মনেৰে ঘৰলৈ উভতিব লগীয়া হ’ল ।

লগতে পঢ়ক:Pijush Hazarika: নাস্তিক ভূপেন বৰাৰ কমেডি কিং কপিল শৰ্মা হোৱাৰ মন; মন্ত্ৰী পীযুষৰ নতুন বচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.