ETV Bharat / state

Pijush Hazarika: নাস্তিক ভূপেন বৰাৰ কমেডি কিং কপিল শৰ্মা হোৱাৰ মন; মন্ত্ৰী পীযুষৰ নতুন বচন

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 6:00 PM IST

মন্ত্ৰী পীযুষ হাজৰীকা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখচুপতি অতি সম্প্ৰতি জমি উঠিছে ৷ দুয়োজনৰ বাকযুদ্ধই এতিয়া ৰাজ্যৰ ৰাজনীতিক অন্য মাত্ৰা প্ৰদান কৰিছে ৷ এইবাৰ পীযুষ হাজৰীকাই ক’লে ভূপেন বৰাৰ হেনো কমেডি কিং হোৱাৰ মন ৷

Pijush Hazarika
Pijush Hazarika

ভূপেন বৰাক পুনৰ আক্ৰমণ পীযুষ হাজৰীকাৰ

গুৱাহাটী, ৩০ ছেপ্তেম্বৰ: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বোলে নাস্তিক । তেওঁৰ বোলে কমেডি কিং কপিল শৰ্মা হ’বৰ মন ৷ এই কথা কৈছে প্ৰায়ে ভূপেন বৰাৰ সৈতে ৰাজনৈতিক সমালোচনাৰ স্নায়ু যুঁজত অৱতীৰ্ণ হৈ অহা মন্ত্ৰী পীযুষ হাজৰীকাই।

যেন ভ্ৰাম্যমানৰ নাটকৰ সংলাপ ৷ উপমা-অলংকাৰেৰে দুয়োজন ইজনতকৈ সিজন চৰা । ভূপেন বৰা আৰু পীযুষ হাজৰীকাৰ মাজৰ বাকযুদ্ধই আকৌ আকৰ্ষণীয় মাত্ৰা লাভ কৰিছে ।

শনিবাৰে ভূপেন বৰাক ৰাম নাম নল’বলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ । “ভূপেন বৰা নাস্তিক, তেওঁ ৰাম নাম ল’বই নাপায় । সৌ সিদিনা তেওঁ ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজাইছিল ৷ যি হিন্দু ধৰ্মৰ কথা বেয়াকৈ কয় তেওঁ ৰাম নাম মুখত ল’বই নালাগে ৷ তেওঁক মই ভগৱান ৰামচন্দ্ৰৰ নাম নল’বলৈ মই অনুৰোধ জনাইছো,” এই মন্তব্যৰে ভূপেন বৰাক আক্ৰমণ ৷ শেহতীয়াকৈ ভগৱান ৰামচন্দ্ৰৰ উদাহৰণেৰে পীযুষ হাজৰীকাক আক্ৰমণ কৰিছিল ভূপেন বৰাই ৷ তাৰে প্ৰত্যুত্তৰত এই মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

আনহাতে, একেটা মন্তব্যতে ভূপেন বৰাক দেশৰ কমেডি কিং কপিল শৰ্মাৰ সৈতে ৰিজালে মন্ত্ৰী হাজৰীকাই । পীযুষ হাজৰীকাৰ মতে কপিল শৰ্মাৰ দৰেই কমেডি কৰে হেনো ভূপেন বৰাই । ৰাজনৈতিক প্ৰচাৰৰ গুৰুত্ব লাভ কৰাৰ উদ্দেশ্যৰে টিভিত ওলাবৰ বাবে পুৱাই বোলে ভূপেন বৰাই ভাবে দিনটোত তেওঁ কি কমেডি মন্তব্য কৰিব ৷ মন্ত্ৰী হাজৰীকাৰ মতে,“ভূপেন বৰাই কোৱা কথাবোৰ কমেডি সদৃশ, সেয়া জনসাধৰণে গুৰুত্ব সহকাৰে নলয় ৷ ৰাইজে বৰাৰ কথা শুনি হাঁহিৰ খোৰাক পায় ।”

পীযুষ হাজৰীকাৰ এই শ্লেষাত্মক মন্তব্যক কি দৰে এতিয়া ভূপেন বৰাই কিদৰে গ্ৰহণ কৰে সেয়া হ’ব মন কৰিবলগীয়া ।

লগতে পঢ়ক: Pijush Hazarika: ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?
লগতে পঢ়ক:Akhil Gogoi: 2024ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সকলো দম্ভ, অহংকাৰ শেষ হ’ব; অখিল গগৈ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.