Robbery case in Nagaon : দিন দুপৰতে ঠিকাদাৰক পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে ১৫ লাখ টকা

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 6:34 PM IST

thumbnail

নগাঁও, 19 ছেপ্টেম্বৰ : নগাঁৱত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে । মঙলবাৰে হয়বৰগাঁও আৰক্ষী চকীৰ সমীপৰ ব্যস্ততাপূৰ্ণ অঞ্চল নগাঁৱৰ ICICI বেংকৰ সন্মুখৰ পৰাই এগৰাকী ঠিকাদাৰক পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে 15 লাখকৈ টকা । মোস্তাফা ৰহমান নামৰ এজন ঠিকাদাৰক মাৰণাস্ত্ৰ দেখুৱাই লুটিলে 15 লাখ টকা। 

মোস্তাফাই ICICI বেংকৰ পৰা কৰ্মচাৰীক দৰমহা দিবলৈ বুজন পৰিমাণৰ ধনখিনি উলিয়াই অনাৰ পিচতে দুজন লোকে আহি  Scorpio বাহনখনৰ গ্লাছ ভাঙি পিষ্টল দেখুৱাই 15 লাখ টকা লুটি লৈ উধাও হয় ৷ ডকাইতিৰ ঘটনা সংঘটিত কৰি হোজাই অভিমুখে পলায়ন কৰে দুজনীয়া ডকাইতৰ দলটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

লগতে পঢ়ক: Fake gold boat seized: গহপুৰত নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.