Fake gold boat seized: গহপুৰত নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:55 PM IST

thumbnail

বিশ্বনাথ ১৮ ছেপ্টেম্বৰ: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা আৰক্ষীয়ে সোমবাৰে নকল সোণৰ নাওসহ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । আটকাধীন নকল সোণৰ নাও ব্যৱসায়ী তিনিটা মুক্তাৰ হুছেইন, চৰিফুল ইছলাম আৰু ৰফিকুল আলী বুলি জানিব পৰা হৈছে ৷ গহপুৰৰ বড়িগাঁও তিনিআলিত সোণৰ নাওখন বিক্ৰী কৰিবলৈ আহোতেই গহপুৰ মহকুমা আৰক্ষীয়ে তিনিজনীয়া নকল সোণৰ ব্যৱসায়ীকেইটাক গ্ৰেপ্তাৰ কৰে।

গহপুৰ মহকুমা আৰক্ষীয়ে উদ্ধাৰ কৰা নকল সোণৰ নাওখনৰ ওজন প্ৰায় ১ কিলো ৫০০ গ্ৰাম বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে ধৃত তিনিওৰে পৰা নকল সোণৰ নাৱৰ লগতে দুটাকৈ ম'বাইল ফোন উদ্ধাৰ কৰে ৷ ধৃত মুক্তাৰ হুছেইন, চৰিফুল ইছলাম আৰু ৰফিকুল আলীৰ ঘৰ লখিমপুৰ জিলা বিহপুৰীয়া মৰনৈত বুলি জানিব পৰা হৈছে । AS12H- 1507 নম্বৰৰ এখন চেন্ট' গাড়ী লৈ আহিছিল ধৃত ব্যৱসায়ীকেইটাই । গহপুৰ মহকুমা আৰক্ষীয়ে গাড়ীখনো জব্দ কৰিছে বুলি জানিব পৰা হৈছে ৷ 

লগতে পঢ়ক: Fake gold seized in Lakhimpur:লখিমপুৰত আনন্দ বাহিনীৰ টাৰ্গেট নকল সোণ বেপাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.