Jagdish Mukhi at NLC: লখিমপুৰত দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যপাল জগদীশ মুখী

By

Published : Dec 29, 2022, 10:13 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

লখিমপুৰত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যপাল জগদীশ মুখী (Governor Jagdish Mukhi visited Lakhimpur)। প্ৰথমে নৰ্থ লখিমপুৰ কলেজ আৰু পাছত মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে (North Lakhimpur College) । উত্তৰ পূৱৰ ভিতৰত প্ৰথমখন স্বায়ত্তশাসিত কলেজৰ মৰ্যাদা লাভ কৰা নৰ্থ লখিমপুৰ কলেজখন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । সেয়েহে কলেজখনৰ আন্তঃগাঁথনিকে ধৰি সকলো দিশ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে । কলেজখনৰ শিক্ষক গোট, পৰিচালনা সমিতিৰ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগতো এই সন্দৰ্ভত ৰাজ্যপালে মত বিনিময় কৰে । কলেজখন পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰা বুলি মন্তব্য প্ৰকাশ কৰে অধ্যক্ষ আৰু পৰিচালনা সমিতিয়ে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.