দুদিনীয়া ভ্ৰমণসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:10 PM IST

thumbnail

বাক্সা, 1 জানুৱাৰী : মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই মানাহত জীপ চাফাৰী কৰে ৰাজ্যপাল কাটাৰীয়াই ৷  

দুদিনীয়া ভ্ৰমণসূচীৰে 31 ডিচেম্বৰ, দেওবাৰে মানাহত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ দেওবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ মহল কেম্পত হাতীক গা ধুওৱা আৰু পৰিচৰ্যাৰ দৃশ্য উপভোগ কৰাৰ পিছতে আজি জীপ চাফাৰী কৰে ৰাজ্যপাল গৰাকীয়ে ৷

জীপ চাফাৰী কৰাৰ প্ৰাকমূহুৰ্তত মানাহৰ পৰাই সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্য তথা দেশবাসীৰ মংগল কামনা কৰে ৰাজ্যপালগৰাকীয়ে ৷

উল্লেখ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানক সমগ্ৰ অসমৰ ভিতৰতে এক উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ পৰ্যটনৰ কেন্দ্ৰ বিন্দু বুলি অভিহিত কৰে ৰাজ্যপালগৰাকীয়ে ৷ 
 

লগতে পঢ়ক : বছৰৰ প্ৰথমটো দিনত মহাদেৱৰ আশীষ বিচাৰি মন্দিৰত ভিৰ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.