Madhabdev University: মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 3:47 PM IST

thumbnail

বিহপুৰীয়া, 27 ছেপ্টেম্বৰ : ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই বুধবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ৷ বিশ্ববিদ্যালয়খনত ৰাজ্যপালগৰাকীক গায়ন বায়নেৰে বিশ্ববিদ্যালয়লৈ উষ্ম আদৰণি জনায় ৷ আদৰণি অনুষ্ঠানৰ পিচতে ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য আৰু শিক্ষকসকলৰ লগত বাৰ্তালাপ কৰে ৷ 

পৰৱৰ্তী সময়ত ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যগৰাকীয়ে মহাপুৰুষ মাধৱদেৱৰ নামত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খন অনাগত সময়ত এখন উচ্চ মানৰ শৈক্ষিক প্ৰতিষ্ঠান হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ 

ৰাজস্থানতকৈ অসমৰ শিক্ষা ব্যৱস্থা উন্নত বুলি মত প্ৰকাশ কৰি আচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়ত বিভিন্ন ব্যৱহাৰিক পাঠ্যক্ৰম আৰম্ভ কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷ মত বিনিময় অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱা, পঞ্জীয়ক ড৹ শৰৎ হাজৰিকা, বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা আৰু জিলা আয়ুক্ত সুমিত সাত্তাৱনে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.