Dihanam Preservation forum: নাৰায়ণপুৰত দিহানাম সংৰক্ষণ মঞ্চ অসমৰ ৰাজ্যিক সাধাৰণ সভা

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:46 PM IST

thumbnail

বিহপুৰীয়া, ১৫ নৱেম্বৰ : বৰ্তমান সময়ত বহুল প্ৰচলিত হৈছে দিহানাম । ব্যাপকভাৱে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে দিহানামে । বহুলভাৱে প্ৰচলিত দিহানামৰ স্বকীয়তা আৰু বৈশিষ্ট্য অটুট ৰাখি সংবৰ্ধন আৰু সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত দিহানাম সংৰক্ষণ মঞ্চ,অসমৰ ৰাজ্যিক ভিত্তিত এখন সাধাৰণ সভা নাৰায়ণপুৰৰ শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ কীৰ্ত্তনগৃহত অনুষ্ঠিত হয় ।  

দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ তদন্ত সমিতিৰ সভাপতি দেৱেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ কুৰিখনৰো অধিক জিলাৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে উক্ত সাধাৰণ সভাত । উক্ত সভাতে দিহানাম সংৰক্ষণ মঞ্চ, অসমৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰাৰ লগতে সংবিধান প্ৰণয়ন, নিয়মাৱলী প্ৰস্তুত কৰা হয় বুলি জানিবলৈ দিয়ে উদ্য়োক্তাসকলে ।

লগতে পঢ়ক : Specially abled student: বিশেষভাৱে সক্ষম অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.