ETV Bharat / state

Specially abled student: বিশেষভাৱে সক্ষম অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:45 PM IST

বিশেষভাৱে সক্ষম নলবাৰীৰ অস্মিতা বৰ্মনৰ সাফল্য । ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহত ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিৰ্বাচিত অস্মিতা ৷

specially abled student from nalbari shines in state level science congress 2023
অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী

অস্মিতাৰ অনুপ্ৰেৰণামূলক কাহিনী

নলবাৰী, ১৫ নৱেম্বৰ : নলবাৰীৰ পাইকাৰকুছিৰ অখিল বৰ্মন আৰু চন্দনা বৰ্মনৰ দুহিতা এইগৰাকী অস্মিতা বৰ্মন । বিশেষভাৱে সক্ষম তাই । থিয় দিব পৰাকৈ বা খোজকাঢ়িব পৰাকৈ দুভৰিত নাই শকতি । হুইল চেয়াৰখনেই তাইৰ সাৰথি । কিন্তু তাইৰ আছে আকাশ চুবৰ মন ।

পাহাৰীয়া জিলা হাফলঙত ৮ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহত শাৰীৰিক বাধাগ্ৰস্ততাকো নেওঁ‌চি উজলি উঠিল ৰাজকদমতল বালিকা বিদ্যাপীঠৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত অস্মিতা বৰ্মন । অস্মিতাই "আমাৰ বাপতি সাহোন ৰঙালী বিহুত গৰু বিহু আৰু মানুহ বিহুৰ লগতে কাতি বিহুৰ সৈতে জড়িত পৰম্পৰা আৰু লোকাচাৰৰ বৈজ্ঞানিক বিশ্লেষণ" শীৰ্ষক এটা প্ৰকল্পৰ বাবে অহা ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সমাৰোহলৈ হৈছে নিৰ্বাচিত ।

অস্মিতাৰ এই সাফল্যৰ পিচতে হাঁহি বিৰিঙি উঠিছে পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজনৰ । সৰুৰে পৰা অনুসন্ধিৎসু মনৰ গৰাকী বিশেষভাৱে সক্ষম অস্মিতাক অনেকে জনাইছে শুভেচ্ছা । উল্লেখ্য যে উক্ত সমাৰোহত ৰাজ্যৰ সকলো জিলাৰ সৰ্বমুঠ ১৬০ জন শিক্ষাৰ্থীকে ধৰি তিনি শতাধিক শিক্ষক আৰু জিলা সমন্বয়কে অংশ লৈছিল । নলবাৰীৰ পৰা বিশজনীয়া এটা শিক্ষাৰ্থীৰ দলে জিলা সমন্বয়ক প্ৰদীপ মহন্তৰ নেতৃত্বত লৈছিল অংশ ।

চাওঁক অস্মিতাৰ জীৱন যুদ্ধৰ এই দৃশ্য । পিতৃয়ে কোলাত লৈ হুইল চেয়াৰত বহুৱাই কিদৰে বিদ্যালয়লৈ অনা-নিয়া কৰে অস্মিতাক । হাজাৰ প্ৰত্যাহ্বানৰ মাজতো সাধাৰণ এটি চাকৰি কৰি পেটৰ ভাত মোকোলোৱা পিতৃয়ে অহৰ্নিশে দুহিতা অস্মিতাৰ জীৱন গঢ় দিয়াৰ বাবে চলাই নিছে সংগ্ৰাম । আমিয়ো অস্মিতালৈ চেল্যুট জনাই পিতৃ-মাতৃক জনালো অলেখ অযুত অভিনন্দন । আগুৱাই যাওঁক অস্মিতা । চুই চাওক সপোনৰ আকাশ !

লগতে পঢ়ক : Book release: শিশু দিৱসত সাহিত্যক লীলাধৰ দাসৰ গল্প সংকলন উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.