Flood badly affected Gorukhuti project: বানৰ কবলত দৰঙৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 8:36 PM IST

thumbnail

দৰং, ৩১ আগষ্ট: দৰঙত অব্যাহত আছে বানৰ তাণ্ডৱ । জিলাখান প্ৰায় ৭২ খন গাঁও এতিয়াও বানৰ কবলত আছে । দৰঙৰ ছিপাঝাৰ সমষ্টিৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পও বিগত ৫ দিন ধৰি বানৰ কৱলত আছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পটো । প্ৰকল্পৰ পাঁচটাকৈ কেম্প পানীৰ তলত থকাৰ ফলত এতিয়া প্ৰকল্পত থকা গো-ধনসমূহৰ খাদ্য যোগানক লৈ সমস্যাৰ সৃষ্টি হৈছে ।

গীৰ গাই, গাহৰী আদি জীৱ-জন্তুবোৰে ওখ ঠাইলৈ নিব লগা হৈছে ৷ প্ৰকল্পত নিয়োজিত কৰ্মচাৰীসকলো বহু অসুবিধা সন্মুখীন হৈছে ৷ হাহাকাৰ হৈছে খোৱাপানীৰ বাবে ৷ ইফালে প্ৰকল্পটোত আৰম্ভ কৰা হৈছিল ৰঙালাউ খেতিৰ লগতে বিভিন্ন ৰবিশস্যৰ কৃষিকৰ্ম । এনেসময়তে ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত পৰি বৃহৎ ক্ষতি হৈছে বহুমুখী কৃষি প্ৰকল্পৰ সমূহ কৃষিভূমিৰ ।

লগতে পঢ়ক: Flood in Lakhimpur: বানত বিধ্বস্ত লখিমপুৰ; পেটত ভোক মনত ক্ষোভ দুচকুত অনিদ্ৰাৰে আশ্ৰয় শিবিৰত বন্যাৰ্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.