ETV Bharat / state

Flood in Lakhimpur: বানত বিধ্বস্ত লখিমপুৰ; পেটত ভোক মনত ক্ষোভ দুচকুত অনিদ্ৰাৰে আশ্ৰয় শিবিৰত বন্যাৰ্ত

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 12:01 PM IST

Various parts of Lakhimpur in grip of flood
লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ

লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ । প্ৰায় অৰ্ধশতাধিক গাঁও এতিয়াও বানৰ কবলত আছে । বিশেষকৈ ঘূণাসুঁতিত বন্যাৰ্ত ৰাইজৰ বিলৈ নোহোৱা হৈছে । খাদ্যৰ অভাৱত ৰাইজ তথা পোহনীয়া জীৱ-জন্তুৱে হাহাকাৰ কৰি লগীয়া হোৱা পৰিস্থিতি সৃষ্টি হৈছে ।

লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ

লখিমপুৰ, ৩১ আগষ্ট : লখিমপুৰত চতুর্থ দিনৰ বাবেও অব্যাহত আছে বানৰ প্ৰকোপ । বৰ্তমানো বানৰ কবলত আছে জিলাখনৰ অৰ্ধশতাধিক গাঁও । যোৱা সোমবাৰৰ পৰা লখিমপুৰ জিলাত আৰম্ভ হোৱা ভদীয়া বানৰ প্ৰভাৱ চতুর্থ দিনাও অব্যাহত আছে । মূষলধাৰ বৰষুণৰ ফলত জিলাখনৰ নৈসমূহে সৃষ্টি কৰা প্ৰলয়ে শতাধিক গাঁও বুৰাই পেলোৱাৰ লগতে বিনষ্ট হৈছে শ শ হেক্টৰ কৃষিভূমি । সম্প্ৰতি বানৰ প্ৰকোপ সামান্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷

জিলা প্ৰশাসনৰ তথ্য মতে, জিলাখনত ৪৬ খন গাঁও এতিয়াও বানৰ কবলত আছে । বিহপুৰীয়া ৰাজহ চক্ৰত ১৬ খন, ঢকুৱাখনা ৰাজহ চক্ৰত ৬ খন, নাৰায়ণপুৰ ৰাজহ চক্ৰত ৯ খন আৰু লখিমপুৰ ৰাজহ চক্ৰত ১৫ খন গাঁও বানৰ কবলত আছে ।

Various parts of Lakhimpur in grip of flood
লখিমপুৰত চতুর্থ দিনৰ বাবেও অব্যাহত আছে বানৰ প্ৰকোপ

বান আৰম্ভ হোৱাৰ চাৰিদিনৰ পাচতো একাংশ নৈৰ জলপৃষ্ঠ এতিয়াও বিপদজ্জনক ৰূপত বৈ আছে । ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ জামুগুৰিত বিপদ সীমাৰ ১.২৪ মিলিমিটাৰ ওপৰত আছে । তেনেদৰে সোৱণশিৰি নৈৰ জলপৃষ্ঠ ঘনচৰাইত ৭৭ মিলিমিটাৰ আৰু শিলিখাগুৰিত বিপদ সীমাৰ ৭৭ মিলিমিটাৰ ওপৰত আছে ।

লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱত আন অঞ্চলসমূহৰ উপৰিও ঘূণাসুঁতিও বিপৰ্যস্ত হৈছে । লখিমপুৰ জিলাৰ ঘূণাসুঁতি অঞ্চলৰ কেইবাখনো গাঁও যেনে বালিভেটা, নাহৰণী, উজানতলি, মাধৱপুৰ আৰু মহৰা বৰচাপৰি আদি এতিয়াও পানীৰ তলত আছে । ফলত খাদ্যৰ অভাৱত ভুগিছে বানাক্ৰান্তই ।

Various parts of Lakhimpur in grip of flood
লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ

সমান্তৰালকৈ খাদ্যৰ অভাৱে জুৰুলা কৰিছে পশুধনকো । একেটা মাহত ৬ বাৰকৈ বানপানী হোৱাৰ পাচতো জিলা প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । মূলতঃ কৃষি আৰু পশুপালন কৰি জীৱিকা নিৰ্বাহৰ কৰি আহিছে ঘূণাসুঁতিবাসীয়ে । কিন্তু এইবাৰ বলিয়া বানে সকলো তচনচ কৰি পেলালে ।

শষ্য ক্ষেত্ৰ বিনষ্ট হোৱাৰ লগতে এই বানত পোহনীয়া হাঁহ-কুকুৰা, গাহৰি, গৰু-গাই উটি গ’ল । চৌদিশে কেৱল অথাই সাগৰ সদৃশ পৰিৱেশ ৷ কোনোমতে প্ৰাণটো লৈ এতিয়া পেটত ভোক, মনত ক্ষোভ লৈ দুচকুত অনিদ্ৰাৰে সময় পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক : Flood in Majuli : ভদীয়া বানৰ কবলত মাজুলীৰ নৈ পৰিয়া অঞ্চল; বানৰ বাবে বন্ধ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.