Ganja seized in Lumding: লামডিং ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

By

Published : Nov 13, 2022, 6:11 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷ কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ শেহতীয়াকৈ লামডিং ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Lumding) ৷ গোপন সূত্ৰৰ পম খেদি দেওবাৰে পুৱতি নিশা লামডিং আৰক্ষীয়ে লামডিং ৰে’ল ষ্টেচনত চলাইছিল অভিযান ৷ আগৰতলা দেওগৰ এক্সপ্ৰেছ ট্ৰেইনত চলিছিল এই অভিযান ৷ অভিযানকালত S3 ডবাৰ শৌচালায়ৰ পৰা 28 টা পেকেটত ২৯ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে আগৰতলাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল জব্দকৃত গাঞ্জাখিনি ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.