Gambling in Nalbari : নলবাৰীত 2 জুৱাৰীসহ জুৱা ঘাটি উৎখাত

By

Published : May 7, 2023, 2:15 PM IST

thumbnail

নলবাৰী, 7 মে : নলবাৰী জিলাৰ প্ৰান্তে প্ৰান্তে জুৱাৰীৰ বিৰুদ্ধে শনিবাৰৰ নিশা অভিযান চলায় নলবাৰী আৰক্ষীয়ে । জিলাখনৰ মুকালমুৱাৰ 1 নং জয়সাগৰত নিশা আৰক্ষীয়ে এটা জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে এটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় । 1 নং জয়সাগৰত গোপনে চলি থকা জুৱাৰ ঘাটিটোত মুকালমুৱা আৰক্ষীয়ে নিশা অভিযান চলাই জুৱাৰীটোক আটক কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰীটোৰ নাম ইকৰাম হুছেইন । আৰক্ষীয়ে জুৱাৰীটোৰ পৰা নগদ ধন জব্দ কৰাৰ লগতে জুৱাৰ ঘাটিটোৰ পৰা তিনিখন দুচকীয়া বাহন আৰু জুৱা খেলত ব্যৱহৃত সামগ্ৰী জব্দ কৰে (Gambler arrested in Nalbari) । 

জুৱাৰ ঘাটিটোৰ পৰা আৰক্ষীয়ে জব্দ কৰা দুচকীয়া বাহন তিনিখনৰ নম্বৰ হ’ল AS-14-J-3880, AS-01-DE-0189 আৰু AS-14-G-7134 ৷ ধৃত জুৱাৰীটোৰ ঘৰ 2 নং জয়সাগৰত বুলি জানিব পৰা গৈছে । মুকালমুৱা আৰক্ষীয়ে জুৱাৰ ঘাটিটোত অতৰ্কিতে অভিযান চলাই এটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও বাকীবোৰ জুৱাৰীয়ে পলায়ন কৰে (Gambling racket busted in Nalbari) । 

আনফালে, নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা নিশা নলবাৰী সদৰ আৰক্ষীয়ে এটা আই পি এল জুৱাৰীক আটক কৰে । নলবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে জুৱাৰীটোক । ধৃত জুৱাৰী টোৰ নাম কৃষ্ণ আগৰৱালা (two Gambler arrested in Nalbari) ।

লগতে পঢ়ক : Suicide in Guwahati: মহানগৰীত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.