Illegal gambling in Jorhat: উজনিত গঢ় লৈ উঠিছে অবৈধ লটাৰী খেল; কঠোৰ যোৰহাট আৰক্ষী

By

Published : Jul 31, 2023, 2:20 PM IST

thumbnail

যোৰহাট, 31 জুলাই: সহজে ধন ঘটা লক্ষ্য লৈ একাংশই ৰাজ্যত গঢ়ি তুলিছে অবৈধ লটাৰী চক্ৰ ৷ এই লটাৰী চক্ৰ কৰাল গ্ৰাসত পৰি জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । তেনে এক চক্ৰ উৎখাত হৈছে যোৰহাটৰ মৰিয়নিত । মৰিয়নিৰ নকচাৰীত ভুৱা লটাৰী চক্ৰ উৎখাত লগে লগে পোহৰলৈ আহিছে ন ন তথ্য ।

যোৰহাট জিলা অন্তৰ্গত মৰিয়নি সমষ্টিত প্ৰশাসনৰ অনুমতি অবিহনে যুগশংখ নামৰ এটা অনুষ্ঠানে আয়োজন কৰিছিল এখন লটাৰী খেল । 100 টকা দৰত টিকট বিক্ৰী কৰি কেবা লক্ষাধিক টকা সংগ্ৰহ কৰা হৈছিল । মৰিয়নি নকছাৰী নৱ বিকাশ সংঘত লটৰী খেলখন 30 জুলাইত অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ চলাই আহিছিল লটাৰী ভুৱা আয়োজক সমিতিয়ে । মৰিয়নি দেবেৰাপাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে ভুৱা লটাৰীখেলৰ মাষ্টাৰমাইণ্ড অমজিৎ গগৈ, মিণ্টু গগৈ, ধ্ৰুৱজ্যোতি বৰাক ।

জানিব পৰা মতে, ভুৱা লটাৰী চক্ৰৰ লগত জড়িত আন কেবাজনো যুৱক শীঘ্ৰে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । বাতৰি যুগুত কৰা পৰ্যন্ত ধৃত যুৱক কেইজনক আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত জেৰা চলাই আছে ।

লগতে পঢ়ক : First Eidgah in Guwahati : ১২৩ বছৰীয়া গুৱাহাটীৰ প্ৰথম ঈদগাহৰ ইতিহাস বিচাৰি...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.