Royal Bengal Tiger at Kaliabor: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰজাৰ ভ্ৰমণ বিলাস

By

Published : Feb 22, 2023, 1:38 PM IST

thumbnail

কলিয়াবৰ,২২ ফ্ৰেব্ৰুৱাৰী: কলিয়াবৰত বাঘৰ আতংক(Tiger scare in Kaliabor) । কাজিৰঙাৰ(Kaziranga National Park) পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে শিলঘাট-কামাখ্যা পথৰ নিচেই কাষৰ চাহ বাগিচত আশ্ৰয় লোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় (Free movement of Royal Bengal Tiger in Kaliabor) । ইতিমধ্যে এগৰাকী প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত আৱদ্ধ হৈছে বনৰজাৰ বিশ্ৰামৰ দৃশ্য। বাগিচাখনত বাঘৰ বিচৰণত এতিয়া আতংকিত হৈ পৰিছে চাহ বাগিচাৰ সমীপৰ অঞ্চলবাসী । 

কিছু সময় আশ্ৰয় লৈ বাঘটো পুনৰ পাহাৰৰ ঘন অৰণ্যৰ দিশে গতি কৰে বুলি জানিব পৰা গৈছে । বন্যহস্তীৰ সন্ত্ৰাস অব‍্যাহত থকাৰ সময়তে জনাঞ্চলত বাঘৰ বিচৰণে আতংকিত কৰি তুলিছে গঞা ৰাইজক । কিছুদিন পূৰ্বেও উক্ত অঞ্চলটোত বাঘে বিচৰণ কৰিছিল বুলি জানিব পৰা গৈছে । এঘৰৰ পদুলিমুখতে আক্ৰমণ কৰিছিল এৰাল দিয়া ছাগলীক । 

তদুপৰি, বনৰীয়া গাহৰিৰ উপদ্ৰৱত কলিয়াবৰৰ গঞা ৰাইজে খেতি-বাতিও সূখেৰে কৰিব নোৱাৰা এক পৰিৱেশ কলিয়াবৰত বিৰাজ কৰিছে । বনৰীয়া গাহৰিৰ আক্ৰমণৰো সন্মুখীন হৈছে বহুজন । হাতী, বাঘ, বনৰীয়া গাহৰি, পহুৰ বিচৰণৰ বাবে কলিয়াবৰ দ্বিতীয় কাজিৰঙা হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্তব‍্য সচেতন মহলৰ । 

উল্লেখ্য যে বিগত বহু কেইবছৰ ধৰি কলিয়াবৰত কাজিৰঙাৰ পৰা ওলাই অহা বন্যজন্তুৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । বিশেষকৈ বন্যহস্তীৰ আতংকত প্ৰতিনিশাই বিনিদ্ৰ ৰজনী কটাই আহিছে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । বিভিন্ন সময়ত কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহুজনৰ প্ৰাণহানিও কৰিছে । এনে পৰিপ্ৰেক্ষিতত পুনৰ বনৰজাৰ বিচৰণে চিন্তিত কৰি তুলিছে কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজক । শীঘ্ৰে বাঘটো কাজিৰঙালৈ খেদি পঠিয়াবলৈ বনবিভাগক আহ্বান জনাইছে কলিয়াবৰবাসীয়ে । 

লগতে পঢ়ক: Blockade of National Highway: দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.