Theft Incident : বিহপুৰীয়াত গ্ৰাহকৰ বেশত প্ৰৱঞ্চকে লুটিলে ১৮ লাখ টকাৰ সোণৰ গহনা

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 6:32 PM IST

thumbnail

বিহপুৰীয়া, 7 অক্টোবৰ : বিহপুৰীয়াত চাঞ্চল্যকৰ কাণ্ড ৷ বিহপুৰীয়াৰ এখন জুৱেলাৰ্চৰ পৰা গ্ৰাহকৰ বেশত প্ৰৱঞ্চকে লুটিলে ১৮ লাখ টকাৰ সোণৰ গহনা ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰৰ ৰাধাগোবিন্দ জুৱেলাৰ্চ নামৰ সোণৰ অলংকাৰ বিক্ৰী কৰা প্ৰতিষ্ঠানত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা ৷

গ্ৰাহকৰ বেশেৰে অহা দুই অচিনাকি ব্যক্তিয়ে কৌশলেৰে লুট কৰি নিয়ে এটা পেকেটত ভৰাই থোৱা ত্ৰিশ ডালকৈ চেইন ৷ প্ৰায় তিনিশ গ্ৰাম ওজনৰ সোণখিনিৰ বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা বুলি জানিবলৈ দিছে জুৱেলাৰ্ছৰ গৰাকীয়ে।

বৃহস্পতিবাৰে ৪,৫৫০ টকাৰ সোণৰ গহনা ক্ৰয় কৰিছিল দুই গ্ৰাহকৰূপী প্ৰৱঞ্চকে ৷ দ্বিতীয় দিনা পুনৰ গহনা ক্ৰয় কৰাৰ চলেৰে দুই ব্যক্তিয়ে লুটি নিয়ে গহনাখিনি ৷ শুকুৰবাৰে নিশা ঘটনাটো পোহৰলৈ অহাত আৰক্ষীৰ কাষ চাপে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মানিক তালুকদাৰ ৷ ইতিমধ্যে চিচি টিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে বিহপুৰীয়া আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : Fraud Arrested in Baihata :বাইহাটা চাৰিআলিত যুৱতীক ব্লেকমেইলিং কৰি গ্ৰেপ্তাৰ APDCL কৰ্মচাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.