Flood at Manikpur: কৃষি বান্ধে টোপনি কাঢ়িছে কৃষকৰ

By

Published : Jun 25, 2023, 9:22 PM IST

thumbnail

মাণিকপুৰ, 25 জুন: বানত ককবকাইছে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং জামদহাতবাসীয়ে ৷ আই নদীৰ কাষত নিৰ্মাণ কৰা কৃষি বান্ধৰ বাবে চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে চৌৰাগুৰী, গৰাইমাৰী, মনাকোচা, নাচুনগুৰি আদি অঞ্চলৰ ৰাইজ ৷ আই নদীৰ বাঢ়নী পানীয়ে বুৰাইছে কেইবাখনো গাঁও ৷ 

‘‘কৃষি বান্ধৰ বাবে আই নদীৰ মূলসূঁতি বন্ধ হৈছে ৷ ফলত ডুব গৈছে গাঁও সমূহ ৷ বিগত দুটা বছৰে আমি ভুগি আহিছো ৷ আমি খেতিৰ ওপৰতে নিৰ্ভৰ ৷ পানীৰ বাবে আমি দুটা বছৰে খেতি কৰিব পৰা নাই ৷ আমাৰ হাঁহ নচৰা আৱস্থা ৷’’ এই মন্তব্য ভুক্তভোগী ৰাইজৰ ৷  

বানৰ বাবে ৩ নং জামদহা সংযোগী পকীপথ ছিগি যোৱাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় । বাসগৃহৰ লগতে বৈদ্যুতিক খুটা, গছ-গছনি পানীত উটি যায় ৷ কিন্তু জিলা প্ৰশাসনে বানাক্ৰান্ত লোকক সহায়ৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ 

লগতে পঢ়ক:Karnataka: কেন্দ্ৰই অন্ন ভাগ্য আঁচনি ধ্বংস কৰাতো কৰ্ণাটকবাসীৰ বাবে দুৰ্ভাগ্যজনক; জয়ৰাম ৰমেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.