ETV Bharat / bharat

Karnataka: কেন্দ্ৰই অন্ন ভাগ্য আঁচনি ধ্বংস কৰাতো কৰ্ণাটকবাসীৰ বাবে দুৰ্ভাগ্যজনক; জয়ৰাম ৰমেশ

author img

By

Published : Jun 25, 2023, 4:55 PM IST

কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ গেৰাণ্টি প্ৰতিৰোধ কৰাৰ বাবে বিজেপিয়ে মুক্ত বজাৰ বিক্ৰী আঁচনি (ঘৰুৱা) বন্ধ কৰিছে । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তীব্ৰ সমালোচনা কৰে বিজেপি লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

Govt discontinuing OMSSD
মুক্ত বজাৰ বিক্ৰী আঁচনি (ঘৰুৱা) বন্ধ কৰাৰ বাবে বিজেপিক আক্ৰমণ জয়ৰাম ৰমেশৰ

নেশ্যনেল ডেস্ক, ২৫ জুন : বিভিন্ন ৰাজ্যত মুক্ত বজাৰ বিক্ৰী আঁচনি (ঘৰুৱা) বন্ধ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ । বিজেপিক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে, কৰ্ণাটকৰ জনসাধাৰণৰ দুৰ্ভাগ্য যে, মোডী চৰকাৰে অন্ন ভাগ্য ২.০ ক ধ্বংস কৰি আছে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে এক বিবৃতি জাৰি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলক তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে শাস্তি প্ৰদান কৰিছে বুলি অভিযোগ কৰে ৷

তেওঁ কয় যে, মোডী চৰকাৰৰ আশীৰ্বাদত ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২৪ মে'লৈকে কেৱল কৰ্ণাটকৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে মুক্ত বজাৰ বিক্ৰী আঁচনিৰ (ঘৰুৱা) অধীনত সকলো ৰাজ্য চৰকাৰে ৯৫ বস্তাতকৈও অধিক চাউল প্ৰতি কুইন্টলত ৩,৪০০ টকা হাৰত ক্ৰয় কৰিছিল । কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ লগে লগে বিজেপিৰ সভাপতি জে পি নাড্ডাৰ ভাবুকি অনুসৰি এই আশীৰ্বাদ বন্ধ হৈছে ।

তেওঁ কয় যে, কেন্দ্ৰীয় খাদ্য আৰু যোগান মন্ত্ৰালয়ে ১৩ জুনত ওএমএছএছ(ডি) বন্ধ কৰি দিয়া নিৰ্দেশনা মুখ্যতঃ কৰ্ণাটকক লক্ষ্য কৰি লোৱা হৈছে । তেওঁৰ অভিযোগ কৰ্ণাটকৰ জনসাধাৰণক কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া অন্ন ভাগ্য ২.০ আঁচনিৰ কাৰ্যকৰীকৰণত বাধা দিয়াৰ লক্ষ্যৰে চৰকাৰে এই আঁচনি বন্ধ কৰি দিছে ।

তেওঁ উল্লেখ কৰা মতে, প্ৰকৃততে ভাৰতীয় খাদ্য নিগমে কৰ্ণাটকৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অনুৰোধৰ ভিত্তিত ২০২৩ চনৰ ৬ জুন আৰু ৯ জুনত ওএমএছএছ (ডি)ৰ অধীনত চাউল বিক্ৰীৰ নিৰ্দেশ জাৰি কৰিছিল । কিন্তু তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ বাবে ওএমএছএছ(ডি) বন্ধ কৰে । কেৱল এয়াই নহয়, ২০২৩ চনৰ ২৩ জুনত এক সংবাদমেলত ভাৰতীয় খাদ্য নিগমৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালকে কয় যে, ব্যক্তিগত ব্যৱসায়ীসকলে আন এখন ৰাজ্যক বিক্ৰী কৰিব নোৱাৰাৰ বাবে চৰ্ত স্থাপন কৰা হ'ব ।

জয়ৰাম ৰমেশে লগতে কয় যে, এইধৰণৰ পদক্ষেপৰ জৰিয়তে মোডী চৰকাৰে কৰ্ণাটক ৰাজ্য চৰকাৰৰ দ্বাৰা অতিৰিক্ত ৩৯ লাখ বিপিএল হিতাধিকাৰীক প্ৰদান কৰিব বিচৰা ৫ কিলোগ্ৰামৰ বিনামূলীয়া চাউল প্ৰদানৰ আঁচনিত প্ৰভাৱিত কৰিছে ।

কংগ্ৰেছ নেতাগৰাকীৰ মতে কৰ্ণাটক আৰু দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে এফচিআইৰ ওচৰত পৰ্যাপ্ত ষ্টক আছে কিন্তু কৰ্ণাটক চৰকাৰে কৰ্ণাটকৰ জনসাধাৰণৰ বাবে ঘোষণা কৰা গেৰাণ্টি পূৰণ কৰাৰ বাবে প্ৰতিটো পথ বন্ধ কৰিবলৈ বিজেপিয়ে চেষ্টা কৰি আছে । কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ পূৰ্বেও নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ আঁচনি প্ৰতিৰোধ কৰাৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক :Shekhawat Defamation Case : অশোক গেহলটলৈ সকাহ; চমন প্ৰেৰণৰ সিদ্ধান্ত ৩০ জুনলৈ স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.