Cyber crime in Assam : মৰিগাঁও আৰক্ষীৰ জালত 5 চাইবাৰী অপৰাধী

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 8:58 AM IST

thumbnail

মৰিগাঁও, 3 নৱেম্বৰ : মৰিগাঁৱত পুনৰ গা কৰি উঠিছে চাইবাৰ অপৰাধে । বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰী কৰিছে মৰিগাঁও জিলা আৰক্ষী অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । মৰিগাঁও আৰক্ষীৰ কঠোৰ পদক্ষেপেও ৰোধিব পৰা নাই চাইবাৰ অপৰাধৰ হাৰ ।

পুনৰ মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাঁচজনকৈ চাইবাৰ অপৰাধীক । প্ৰৱঞ্চককেইজনে জালিয়াতিৰে বিভিন্ন লোকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি বিভিন্ন অনলাইন এপচৰ জৰিয়তে লক্ষ লক্ষ টকা সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে । দিল্লীৰ অজয় গুপ্তা নামৰ এজন অধিবক্তাৰ নামত জালিয়াতিৰে ঋণ লৈ কেইবালাখ টকা সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকৰ দলটোৱে ।

মৰিগাঁও আৰক্ষীৰ অভিযানত মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আছাদুল ইছলাম, ওমৰ ছিদ্দিক, জাহাংগীৰ আলম, মাজাহাৰুল ইছলাম আৰু ইছাদুল হক নামৰ অভিযুক্ত কেইজনক । বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: An exemplary work of school kids : এক অভিনৱ পদক্ষেপৰে আদৰ্শ হৈ উঠা এখন স্কুলৰ শিক্ষাৰ্থীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.