ETV Bharat / state

An exemplary work of school kids : এক অভিনৱ পদক্ষেপৰে আদৰ্শ হৈ উঠা এখন স্কুলৰ শিক্ষাৰ্থীসকল

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 6:46 AM IST

মাকুমৰ এখন বিদ্যালয়ৰ ছাত্ৰীয়ে ৰাজপথত সহপাঠীৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপে মুহিছে পথচাৰীক ৷ বিদ্যালয়ৰ কৰ্তৃপক্ষও আনন্দিত ছাত্ৰীসকলৰ দায়বদ্ধতাত ৷ সবিশেষ এই বাতৰিত...

Human chain of senior students at Makum
কনিষ্ঠ ছাত্ৰীক পথ পাৰ কৰোৱাবলৈ জ্যেষ্ঠ ছাত্ৰীৰ মানৱ শৃংখল

গোপাল কৃষ্ণ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়

তিনিচুকীয়া, 3 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ইতিহাস প্ৰসিদ্ধ এখন ঠাইৰ নাম হৈছে মাকুম । বাণিজ্যিক চহৰ তিনিচুকীয়াৰ কাষতে লাগি থকা এই মাকুম নগৰত ১৯৫২ চনতে স্থাপিত হোৱা এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰীসকলৰ শৃংখলাবদ্ধতা তথা দায়বদ্ধতাৰ বাবে পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে জয় কৰিবলৈ সক্ষম হৈছে বহুতৰ অন্তৰ ।

সদাব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা বিদ্যালয়খনৰ নাম হৈছে গোপাল কৃষ্ণ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক হাজাৰ হাজাৰ যান-বাহন অবিৰতভাৱে অহা যোৱা কৰে । সেয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ ক্ষেত্ৰত ছাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় । কেতিয়াবা কেতিয়াবা দুৰ্ঘটনাও সংঘটিত নোহোৱা নহয় ।

Human chain of senior students at Makum
কনিষ্ঠ ছাত্ৰীক পথ পাৰ কৰোৱাবলৈ জ্যেষ্ঠ ছাত্ৰীৰ মানৱ শৃংখল

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হওঁতে বহু ছাত্ৰী দুৰ্ঘটনাৰ বাবে আঘাতপ্ৰাপ্তও হৈছে । গতিকে এই সমস্যা সমাধানৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী চক্ৰৱৰ্তীয়ে সদৰী কৰা অনুসৰি, জ্যেষ্ঠ শিক্ষক সমীৰণ বৰগোঁহাই আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাত এটা সমাধানৰ পথ উলিওৱা হয় । সেয়া হ’ল ছাত্ৰীসকলৰ পথ সুৰক্ষাৰ বাবে সজাগ কৰা ৷ তাৰ পাচত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে পথ সুৰক্ষা সন্দৰ্ভত ছাত্ৰীসকলক কিছু নিয়ম শিকালে ।

সেই অনুসৰি, বিদ্যালয়ৰ ছুটীৰ সময়ত কনিষ্ঠ ছাত্ৰীসকলক পথ পাৰ কৰোৱাবলৈ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰীসকলে শৃংখলাবদ্ধতা আৰু দায়বদ্ধতাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্দিষ্ট এটা স্থানত প্ৰায় ১০ মিনিট সময়ৰ বাবে মানৱ শংখল কৰি পথটো বন্ধ কৰি দিব ৷ তাৰ পাচত বিদ্যালয়খনৰ প্ৰায় ৯০০ ছাত্ৰীয়ে তৎক্ষণাত ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ বাওঁকাষে থকা তেল ডিপোত এক গোট হ’বগৈ ।

Human chain of senior students at Makum
মানৱ শংখল কৰি পথটো বন্ধ

২০১৫ বৰ্ষৰ পৰা দৈনিক মানৱ শৃংখল কৰি ছাত্ৰীসকলে পথ পাৰ হোৱাত জ্যেষ্ঠ ছাত্ৰীসকলে দায়িত্ব পালন কৰি আহিছে ৷ সেই সময়ত উক্ত স্থানত উপস্থিত থাকি সম্পূৰ্ণ দিশটো পৰ্যবেক্ষণ কৰে বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক সমীৰণ বৰগোহাঁয়ে । ছাত্ৰীসকলৰ প্ৰতি ছাত্ৰীসকলে লোৱা দায়িত্বৰ দৃশ্যই এতিয়া দৈনিক অহা যোৱা কৰা যাত্ৰীসকলৰ লগতে পথচাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে বিভিন্নজনৰ পৰা । মাকুমত ইমান যান-বাহন আৰক্ষী নাই যে বিদ্যালয় ছুটী দিয়াৰ সময়ত আহি পথ পাৰ হোৱাত সহায় কৰিব ৷ সেয়ে বিদ্যালয়ৰ ছাত্ৰীসকল পথ পাৰ হোৱাৰ সময়ত যান-বাহনসমূহো পথত ৰৈ দিয়া পৰিলক্ষিত হয় । আনহাতেদি বিদ্যালয়ৰ চৌহদতো পথ সুৰক্ষা সজাগতাৰ বাবে বিভিন্ন ফলক আঁৰি থৈছে বিদ্যালয় কৰ্তৃপক্ষই ।

ইফালে বিভিন্ন ধৰণৰ ফল-মূল, ফুল, বনৌষধিৰ বাগিচাৰে পৰিপূৰ্ণ এক সেউজীয়া নান্দনিক পৰিৱেশৰ মাজত গোপাল কৃষ্ণ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা পৰিৱেশেও মুহিত কৰি ৰাখে সকলোকে ৷

লগতে পঢ়ক : Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.