গোৱালপাৰাৰ ভালুকডুবিত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 8:36 AM IST

thumbnail

গোৱালপাৰা, ২৫ নৱেম্বৰ : গোৱালপাৰা চহৰৰ ভালুকডুবিত যাত্ৰীবাহী বাছত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা । গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখি এএছ ০১ এল চি-৭৮৮৭ নম্বৰৰ বাছখন বৈদ্যুতিক বিজুটিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, শুক্ৰবাৰে নিশা ১০ বজাত গুৱাহাটীৰ মাছখোৱাৰ পৰা আহি গোৱালপাৰা চহৰৰ ভালুকডুবিত যাত্ৰীসকলক নমাই ৰৈ আছিল এই বাছখন । ৰৈ থকা আলট্ৰা যাত্ৰীবাহী বাছখন হঠাৎ দাওদাওকৈ জ্বলি উঠে । তাৰ পাচতে সৃষ্টি হয় এক এক হুলস্থূলীয়া পৰিৱেশৰ ৷

লগে লগে বাছখনৰ চালক আৰু হেণ্ডিমেনে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়ে ৷ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । অৱশ্য়ে যাত্ৰীবাহী বাছখনৰ ক্ষতিসাধন হয় যদিও কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক : টিংখাঙৰ ৰাজপথত জ্বলিল সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ পুত্তলিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.