ৰান্ধনিশালৰ জুয়ে মাতিলে কাল, জ্বলি ছাই হ’ল মৰমৰ ঘৰখন

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 3:12 PM IST

thumbnail

গোলাঘাট, 12 ডিচেম্বৰ : গোলাঘাট জিলাৰ কমাৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বংকোৱালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চকুৰ পচাৰতে জ্বলি ভস্মীভূত হয় এটা বাসগৃহ। 

ঘটনাৰ বিৱৰণী অনুসৰি, কমাৰগাওঁ থানাৰ অন্তৰ্গত উজনি বংকোৱাল গাঁৱৰ বিজু ল‌ইং নামৰ লোকজনৰ বাসগৃহত সোমবাৰে দিন দুপৰতে সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । লোকজনৰ ৰান্ধনিশালৰ চৌকাত জ্বলি থকা জুই বতাহত বিয়পি পৰাৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰিছে স্থানীয় লোকে । 

এই অগ্নিকাণ্ডৰ ফলত লোকজনৰ ঘৰৰ কেইবা লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায় । ইফালে এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা এজন লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: খানাপাৰাত পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাখনো বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.