Fire in cracker factory: আতচবাজী উদ্যোগটোত পৰ্যাপ্ত সুবিধাকে ধৰি নিৰাপত্তা নথকাৰ অভিযোগ শিৱজীৰ ভাতৃৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:50 PM IST

thumbnail

নলবাৰী, 16 অক্টোবৰ :  সোমবাৰে পুৱা নলবাৰীৰ পকোৱাৰ এটা আতচবাজী ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীটোত হোৱা এই ঘটনাত শিৱজী মাহাতো নামৰ এজন যুৱকে কৰ্মৰত অৱস্থাতেই মৃত্যুক আকোঁৱালি লৈছিল ৷ ৰঙিয়াৰ শিৱজী মাহাতো দুই সন্তানৰ পিতৃ । সম্প্ৰতি মৃত শিৱজী মাহাতোৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ অনা হয় ৷

এই ঘটনাৰ পিচতে শিৱজীৰ পৰিয়ালটোত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয় ৷ আতচবাচী উদ্যোগটোত পৰ্যাপ্ত সা-সুবিধাৰ লগতে সঠিক নিৰাপত্তা নথকাৰ অভিযোগ মৃত শিৱজীৰ ভাতৃৰ । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চপাৰ হুংকাৰ দিয়ে শিৱজীৰ ভাতৃয়ে । যোৱা 7 মাহ ধৰি উদ্যোগটোত কৰ্মৰত আছিল শিৱজী ৷ শিৱজীৰ মৃত্যুত ঘৰখনত সৰগ ভাগি পৰিছে ৷

লগতে পঢ়ক: Fire in cracker factory: আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, এজন যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.