Fire in cracker factory: আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, এজন যুৱকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:24 PM IST

thumbnail

নলবাৰী, ১৬ অক্টোবৰ : দীপাৱলীলৈ মাথোঁ কেইটামান দিন ৷ নলবাৰীত সোমবাৰে পুৱাই এক অঘটন সংঘটিত হয় । নলবাৰীৰ পকোৱাস্থিত ফটকা ফেক্টৰীত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । নলবাৰীৰ পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা  । 

এই অগ্নিকাণ্ডত এজন যুৱকৰ মৃত্যু হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ফেক্টৰীৰ ভিতৰত কৰ্মৰত আছিল যুৱকজন । ফেক্টৰীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ নাম শিৱম বুলি জানিব পৰা গৈছে ৷ 

ইতিমধ্যে ঘটনাস্থলীত বেলশৰ আৰক্ষী উপস্থিত হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কৰ্মচাৰীসকলক সোধা-পোচা কৰি আছে ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হয় ৷ 

লগতে পঢ়ক: Sudan war : ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.