ETV Bharat / international

Sudan war : ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:11 AM IST

Sudan war
ছুডানত যুদ্ধৰ ৬ মাহতে প্ৰায় ৯০০০ লোকৰ মৃত্যু

ছুডানত সামৰিক বাহিনী আৰু অৰ্ধসামৰিক গোটৰ মাজত চলি থকা যুদ্ধত লাখ লাখ লোক গৃহহীন হৈ পৰিছে । চুবুৰীয়া দেশবোৰত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে সাধাৰণ নাগৰিকে । ধৰ্ষণকে ধৰি মহিলাৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ছুডানৰ সামৰিক বাহিনী আৰু এক শক্তিশালী অৰ্ধসামৰিক গোটৰ মাজত চলি থকা যুদ্ধত যোৱা ৬ মাহত প্ৰায় ৯,০০০ লোকৰ প্ৰাণ গৈছে । এপ্ৰিলৰ মাজভাগৰ পৰাই ছুডানক এক বিশৃংখল পৰিৱেশে আৱৰি আছে । সামৰিক মুৰব্বী জেনেৰেল আব্দেল-ফাত্তাহ বুৰহান আৰু অৰ্ধসামৰিক ৰেপিড ফ'ৰ্চৰ কমাণ্ডাৰ জেনেৰেল মহম্মদ হামদান দাগালোৰ মাজত উত্তেজনা বৃদ্ধিৰ লগে লগে পৰিস্থিতিৰ যথেষ্ট অৱনতি হৈছে ।

ৰাষ্ট্ৰসংঘৰ মতে যোৱা ৬ মাহত হত্যা, হিংসা আৰু সন্ত্ৰাসৰ পৰিস্থিতিত সাধাৰণ নাগৰিকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । ৰাষ্ট্ৰসংঘৰ আণ্ডাৰচেক্ৰেটৰী জেনেৰেল মাৰ্টিন গ্ৰিফিথছে যুদ্ধৰ ৬ মাহ সম্পূৰ্ণ হোৱাত এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে । বিভিন্ন স্থানত ধৰ্ষণ আৰু যৌন হিংসাৰ দৰে ভয়ংকৰ ঘটনাবোৰ সংঘটিত হৈছে । যুদ্ধ প্ৰথমে খাৰ্তুমত আৰম্ভ হৈছিল কিন্তু কম সময়ৰ ভিতৰতে ই পূব আফ্ৰিকাৰ দেশৰ অন্যান্য অঞ্চললৈও বিয়পি পৰিছিল । যুদ্ধৰ ফলস্বৰূপে ইতিমধ্যে পশ্চিম দাৰ্ফুৰ অঞ্চল ধ্বংসস্তুপত পৰিণত হৈছে ।

গ্ৰিফিথছে কোৱা মতে ভয়ংকৰ সংঘৰ্ষত এতিয়ালৈ প্ৰায় ৯,০০০ লোকৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক গৃহহীন হৈ পৰিছে । লোকসকলে তেওঁলোকৰ ঘৰখন এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে । ছুডানৰ আন স্থান বা চুবুৰীয়া দেশসমূহলৈ বহু লোকে পলায়ন কৰিছে । তেওঁ কোৱা মতে সংঘৰ্ষৰ ফলত সম্প্ৰদায়বোৰ বিচ্ছিন্ন হৈ পৰিছে । দৰিদ্ৰ আৰু দুৰ্বল লোকসকলে জীৱন মৃত্যুৰে যুঁজ দিবলগীয়া হৈছে ।

ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাৰ মতে, ছুডানৰ ভিতৰত ৪.৫ নিযুতৰো অধিক লোক গৃহহীন হৈ পৰিছে । আনহাতে ১.২ নিযুতৰো অধিক লোকে চুবুৰীয়া দেশসমূহত আশ্ৰয় বিচাৰিছে । এই যুদ্ধৰ ফলত দেশৰ জনসংখ্যাৰ আধাতকৈও অধিক লোকক মানৱীয় সাহায্যৰ প্ৰয়োজন হৈছিল । ইফালে এই দুৰ্যোগৰ মাজতে ৰাজধানী আৰু দেশৰ অন্যান্য প্ৰান্তত কলেৰা মহামাৰীৰ প্ৰাদুৰ্ভাৱ হোৱাৰ খবৰ পোৱা গৈছে । খাৰ্তুম, কোৰ্ডোফান আৰু কাদাৰীফ প্ৰদেশত ১,০০০ ৰো অধিক সন্দেহজনক কলেৰা ৰোগী ধৰা পৰিছে ।

যুদ্ধ আৰম্ভ হোৱাৰ পাছত বৃহত্তৰ খাৰ্তুম অঞ্চল, ওমডুৰমান আৰু খাৰ্তুম উত্তৰ চহৰবোৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে । ঘন বসতিপূৰ্ণ অঞ্চলবোৰত সঘনাই বিমান আক্ৰমণ আৰু গোলাবৰ্ষণ হোৱা দেখা গৈছে । খাৰ্তুম আৰু দাৰ্ফুৰত মহিলাৰ ওপৰত অপৰাধজনিত ঘটনাও বৃদ্ধি পাইছে । বেছিভাগ ঘটনাৰে অভিযোগ ৰেপিড ফ'ৰ্চৰ ওপৰত উঠিছে । আৰএছএফ আৰু সহযোগী আৰৱ মিলিছিয়াসকলক ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক অধিকাৰ গোটবোৰে দাৰ্ফুৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক :Israel Palestin Conflict : হামাছৰ গোপন অস্ত্ৰ ! গাজাত স্থল আক্ৰমণ আৰম্ভ কৰাৰ সময়ত কি অপেক্ষা কৰি আছে ইজৰাইলৰ বাবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.