Fire broke out: বিধবংসী অগ্নিকাণ্ডত 4 জন নিহত

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:45 AM IST

thumbnail

নেশ্যনেল ডেস্ক, 30 আগষ্ট : মহাৰাষ্ট্ৰৰ পুনেৰ পূৰ্ণনগৰ অঞ্চলত বুধবাৰে পুৱাই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ প্ৰাথমিক তথ্য অনুসৰি, বুধবাৰে পুৱাই পূৰ্ণনগৰ চিঞ্চৱাডৰ এখন দোকানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ঘটনাত 4 জন লোকৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ চকুৰ পচাৰতে এই জুই চাৰিওফালে ছানি ধৰাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ 

এই অগ্নিকাণ্ড ওচৰৰ দোকনসমূহতো বিয়পি পৰিছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নি নিৰ্বাপক বাহিনীৰ দলে দোকনৰ ভিতৰৰ পৰা চাৰিটা মৃতদেহ উলিয়াই আনে ৷ সম্প্ৰতি মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ অৱশ্যে এতিয়ালৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই ৷

লগতে পঢ়ক: Tea workers protest: চাহ শ্রমিকৰ দৈনিক মজুৰি ৬৬১ টকা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.