Road Accident in Barpeta: সুৰাপায়ী চালকে মহতিয়াই নিলে তিনি বাইক আৰোহীক

By

Published : Jan 3, 2023, 7:23 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Barpeta)৷ সুৰাপায়ী চালকে এখন চাৰিচকীয়া বাহনেৰে মহতিয়াই নিলে তিনি বাইক আৰোহীক ৷ বাইক আৰোহীৰ ভৰিৰ ওপৰেৰে বাহন উঠাই নিলে সুৰাপায়ী চালকে ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এটি শিশুসহ ৩গৰাকী বাইক আৰোহী (3 Injured in road accident ) ৷ আহতকেইগৰাকী হৈছে চানি ইছলাম (৪০), ফৰিদা খাতুন (৩০) আৰু ফৰহান ইছলাম (৫)৷ এই ঘটনাৰ পিছতে সুৰাপায়ী চালকক আগুৰি জবাবদিহি কৰে স্থানীয়ে ৰাইজে। চালকৰ নাম জনৈক প্ৰণৱ বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণীমতে, সোমবাৰে দৌলাশালৰ পৰা বৰপেটা অভিমুখে অহা AS 15 L 8455 নম্বৰৰ এখন গ্ৰেণ্ড আই 10 য়ে হাউলীৰ পৰা বহৰিলৈ যোৱা AS 01 EN 5768 নম্বৰৰ এফ জেদ বাইকখনক মহতিয়াই নিয়ে ৷ পৰৱৰ্তী সময়ত বৰপেটা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চালকজনক আটক কৰি বৰপেটা থানালৈ লৈ আহে ৷ এই ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় যদিও বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলৈৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ আহত সকলক বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.