Extra Marital Affair: আলমিৰাত সোমাইয়ো নাপালে ৰক্ষা; প্ৰেমিকাক লগ ধৰিবলৈ গৈ খালে ৰাইজৰ ঔ কিল

By

Published : May 28, 2023, 5:06 PM IST

Updated : May 28, 2023, 5:28 PM IST

thumbnail

বঙাইগাঁও, 28 মে’: বঙাইগাঁৱত বিবাহ বহিৰ্ভূত প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Extra Marital Affair) ৷ শনিবাৰে নিশা বঙাইগাঁও সদৰ থানাৰ অধীনৰ ঘনদলত কাশীডোবাৰ বিবাহিত যুৱক মহানন্দ মেধিক বিবাহিত প্ৰেমিকাৰ গড্ৰেজত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা স্থানীয় ৰাইজে টানি আজুৰি লৈ আহে (Lover tries to hide inside girlfriend godrej) ৷ ঘনদলৰ এগৰাকী বিবাহিতা বোৱাৰীৰ প্ৰেমত পৰিছিল মহানন্দই ৷ ইফালে মহানন্দৰ নিজৰো পত্নীসহ এটা পৰিয়াল আছে ৷ বিবাহিতা প্ৰেমিগৰাকীৰ স্বামী ITBPT চাকৰিৰ সূত্ৰে বাহিৰত থাকে (Extra Marital Affair gone wrong)৷ 

ইফালে বোৱাৰী প্ৰেমিকাগৰাকীয়ে প্ৰায়েই প্ৰেমিকৰ সৈতে জীমলৈ যায় ৷ প্ৰতিদিনে এনে পৰিস্থিতি পৰিলক্ষিত কৰি স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছিল ৷ অৱশেষত যোৱা নিশা গাঁওবাসীয়ে প্ৰেমিকাৰ ঘৰত হাতে-লোটে কৰায়ত্ত কৰে প্ৰেমিক মহানন্দক ৷ মহানন্দই প্ৰেমিকাৰ গড্ৰেজৰ ভিতৰত লুকুবালৈ চেষ্টা কৰে যদিও ৰাইজে টানি আজুৰি উলিয়াই আনে মহানন্দক ৷ ইয়াৰ পিচতে অঞ্চলটোত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হৈ প্ৰেমিক যুগলক থানালৈ যায় ৷ 

লগতে পঢ়ক: Social Harassment: সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই হ’ল এঘৰীয়া

Last Updated : May 28, 2023, 5:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.