Tezpur Eviction drive : তেজপুৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:59 PM IST

thumbnail

তেজপুৰ, ৩১ অক্টোবৰ : মঙলবাৰে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পৰোৱা চিকিৎসালয়ৰ সমীপত চলায় এক উচ্ছেদ অভিযান । জিলা প্ৰশাসনে এই অবৈধভাৱে বাস কৰা লোকসকলক আঁতৰি যাবলৈ বহুবাৰ জাননী জাৰি কৰিছিল ৷ কিন্তু ইমানৰ পাচতো বহু পৰিয়াল উক্ত স্থানৰ পৰা আঁতৰি নোযোৱাত মঙলবাৰে প্ৰশাসনৰ লোকে চলায় এই উচ্ছেদ অভিযানটো ৷

ইতিমধ্যে তেজপুৰত প্ৰশাসনৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । জানিব পৰা মতে, পৰোৱাত চৰকাৰী মাটিত বসবাস কৰা ৬৬ টা পৰিয়ালক প্ৰশাসনে ইতিমধ্যে বাৰম্বাৰ জাননী দি আঁতৰি যাবলৈ নিৰ্দেশ দিছিল ৷ ইয়াৰ পৰিৱৰ্তে তেজপুৰ প্ৰশাসনে খনামুখত উক্ত পৰিয়ালকেইটাক মাটি প্ৰদান কৰি তাত সংস্থাপিত কৰাৰ যি ভূমিকা গ্ৰহণ কৰিছিল ৷ প্ৰশাসনৰ এই কাৰ্যক ৫৫ টা পৰিয়ালে সহযোগিতা আগবঢ়োৱাৰ বিপৰীতে বাকী ১১ টা পৰিয়ালে প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰিছিল ৷

অৱশেষত শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰে উক্ত পৰিয়ালকেইটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ৷ মঙলবাৰে তেজপুৰ প্ৰশাসনৰ বুলড’জাৰ চলিল এই ১১ টা পৰিয়ালৰ গৃহত ৷ প্ৰথমাৱস্থাত উচ্ছেদিত পৰিয়ালৰে প্ৰশাসনৰ লোকৰ লগত বাক-বিতণ্ডা কৰে যদিও পিচলৈ প্ৰশাসনৰ নিৰ্দেশক মানি ল'বলৈ বাধ্য হয় ৷

লগতে পঢ়ক : Funeral of Sarat Barkataki : পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ নশ্বৰ দেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.