ETV Bharat / state

Funeral of Sarat Barkataki : পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ নশ্বৰ দেহ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:33 PM IST

Funeral of Sarat Barkataki
ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শৰৎ বৰকটকীৰ

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ নশ্বৰ দেহ ৷ মঙলবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰয়াত বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ ৷ কংগ্ৰেছ নেতৃত্বৰ লগতে চৰাইদেউ জিলাৰ অজস্ৰ গুণমুগ্ধই শেষ বিদায় জনালে প্ৰিয় নেতাগৰাকীক ৷ সকলোৰে প্ৰিয় নেতাগৰাকীক হেৰুৱাই স্তব্ধ হৈ পৰিল সোণাৰি ৷ বন্ধ হ'ল সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো ৷

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন শৰৎ বৰকটকীৰ

ডিব্ৰুগড়, ৩১ অক্টোবৰ : সোণাৰিৰ টাওকাক নদীৰ দলঙৰ কাষত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাক্তন মন্ত্ৰী তথা ২৫ বছৰ ধৰি সোণাৰিৰ বিধায়কৰ দায়িত্বত থকা শৰৎ বৰকটকীৰ । পুৱাৰে পৰা সোণাৰিৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠান-প্ৰতিষ্ঠানে নেতাজনক শেষ শ্ৰদ্ধা জনায় ৷ তাৰ পাচতে ৰাজ্যিক মৰ্যাদা প্ৰদানৰ অন্তত ধৰ্মীয় ৰীতি নীতিৰে ৰাজনীতিবিদগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

শেষ বিদায়ৰ ক্ষণত চৰাইদেউ জিলাৰ অগণন গুণমুগ্ধৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে ৷ লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া, চৰাইদেউ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, বিভিন্ন ৰাজনৈতিক দল, জাতীয় দল-সংগঠনৰ লোক তথা বিভিন্ন ঠাইৰ গুণমুগ্ধ লোকৰ উপস্থিতিত শেষকৃত্য সমাপন কৰা হয় ৷

আনহাতে, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পুৱাৰে পৰা তেওঁৰ শিক্ষাগুৰুজনৰ নশ্বৰ দেহৰ কাষত থাকি আৱেগিকভাৱে বিদায় জনোৱা দেখা যায় । সোণাৰিৰ সমাজ জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই গ'ল প্ৰয়াত বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীয়ে ।

প্ৰবীন বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীৰ দেহাৱসানে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে কংগ্ৰেছ দলে এগৰাকীৰ বটবৃক্ষ হেৰুৱালে । ১৯৯১ চনৰ পৰা প্ৰায় ২৫ টা বছৰ সোণাৰি সমষ্টিৰ বিধায়কৰ আসন অলংকৃত কৰা প্ৰাক্তন শিক্ষামন্ত্ৰী, প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ মৃত্যুক লৈ স্তব্ধ হৈ পৰিছে চৰাইদেউ জিলাৰ সমগ্ৰ সোণাৰি ।

প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ বৰকটকীৰ মৃত্যুত শোকাহত চৰাইদেউ জিলাবাসী । নিশা জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ নশ্বৰ দেহ সোণাৰিস্থিত বাসভৱন আহি পোৱাৰ পাচতে শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছেহি অজস্ৰ গুণমুগ্ধই । ইফালে আজি প্ৰয়াত বৰকটকীয়ে চাকৰি জীৱন আৰম্ভ কৰা দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচত সোণাৰিৰ ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তাই জনায় শেষ শ্ৰদ্ধা ।

সোণাৰি মহাবিদ্যালয়, সোণাৰি কমাৰ্চ কলেজত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে দুপৰীয়া ১২.৩০ বজাত ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ ইফালে প্ৰয়াত বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে ব্যৱসায়িক মহলে স্বতঃস্ফূতভাৱে দোকান-পোহাৰসমূহ বন্ধ ৰাখে । স্তব্ধ সোণাৰি, বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ।

সোণাৰিৰ সমাজ জীৱনলৈ আগবঢ়াই যোৱা অৱদানৰ বাবেই প্ৰীয় নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ সোণাৰিৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰবীন ৰাজনীতিবিদ প্ৰাক্তন শিক্ষামন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ মৃত্যুত কংগ্ৰেছ কৰ্মীসকলে এজন অভিভাৱক হেৰুৱালে ।

প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানৰ পাচতেই শোকাকুল পৰিৱেশ সোণাৰিৰ ৰাজীৱ ভৱনত । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি শীৰ্ষ নেতৃত্বৰ উপস্থিতিত সোণাৰিৰ ৰাজীৱ ভৱনত প্ৰবীন ৰাজনীতিবিদ প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীক শেষ বিদায় দিলে কংগ্ৰেছ কৰ্মীসকলে ।

সোণাৰিৰ ৰাজীৱ ভৱনত নেতাগৰাকীক শেষ শ্ৰদ্ধা জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘ৰাজনৈতিক জীৱনত কোনো এটা অভিযোগ নথকাৰ বাবেই শৰৎ বৰকটকীক ছাত্ৰ শেষ বিদায় দিবলৈ অগণন ৰাইজ ওলাই আহিছে’’ । উল্লেখযোগ্য যে, ১৬ অক্টোবৰৰ পৰা GMCH ত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী । প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে ৮৮ বছৰ বয়সত সোমবাৰে নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক : SDO Deepan Burman Attitude : মহকুমাধিপতি দ্বীপন বৰ্মনৰ Attitude ত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.