কামৰূপৰ ৰাণী মৈৰাপূৰত চলিল প্ৰশাসনৰ বুলডজাৰ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 3:56 PM IST

thumbnail

মিৰ্জা, 23 নৱেম্বৰ : অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কামৰূপৰ ৰাণী মৈৰাপূৰত চলিল প্ৰশাসনৰ বুলডজাৰ ৷ কিয়নো অভিযোগ অনুসৰি সংঘৰ্ষ জৰ্জৰিত মণিপুৰৰ কুকী সম্প্ৰদায়ৰ বহু লোক আহি এই অঞ্চলত ভাৰাতীয় হিচাপে বসবাস কৰিবলৈ লৈছিল ৷ বিভিন্ন সময়ত এই অভিযোগ উত্থাপিত হৈ থকাৰ পাচতে আজি অৰ্থাৎ বৃহস্পতিবাৰে প্ৰশাসনে চৰকাৰী ভূমিত অবৈধভাৱে ঘৰ বনাই বেদখল কৰি থকা মণিপুৰী লোকসকলৰ বাসগৃহ উচ্ছেদ কৰে ।

উল্লেখ্য যে, ভোলাগাঁও মৌজাৰ মৈৰাপুৰৰ 307 আৰু 353 ডাগৰ চৰকাৰী ভূমিত আজি বহুদিনৰ পৰাই একাংশ লোকে ঘৰ সাজি আছিল । আজি উক্ত চৰকাৰী ভূমি বেদখলমুক্ত কৰে প্ৰশাসনে । তথ্য অনুসৰি, প্ৰশাসনে 3 দিনৰ পূৰ্বেই উক্ত অঞ্চলত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবলগা স্থানসমূহ খালী কৰি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এই জাননীৰ তিনি দিনৰ অন্তত প্ৰশাসনে চলাই উচ্ছেদ অভিযান ৷

লগতে পঢ়ক : হাতীৰ ত্ৰাসৰ মাজতে দেখা দিলে গঁড়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.