হাতীৰ ত্ৰাসৰ মাজতে দেখা দিলে গঁড়ে

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 2:09 PM IST

thumbnail

মাজুলী, 23 নৱেম্বৰ : মাজুলীত এতিয়া দিনে-নিশাই ৰাইজে খেদি ফুৰিছে হাতী ৷ ৰাইজৰ লগতে বন-বিভাগৰ লোকো সষ্টম হৈ আছে বনৰীয়া হাতীৰ উপদ্ৰৱক লৈ ৷ নষ্ট কৰাখিনিতো কৰিলেই, নতুনকৈ যাতে আকৌ কৃষকৰ কষ্টৰ ধন ধাননি পথাৰত বন্যহস্তীয়ে আক্ৰমণ চলাব নোৱাৰে, তাৰ বাবে বন-বিভাগৰ লোকক পূৰ্ণ সহযোগিতা আগবঢ়াইছে মাজুলীৰ ৰাইজে ৷ হাতী খেদাৰ নামত ৰাইজে কিমান টোপনি ক্ষতি কৰিছে তাৰ হিচাপ নাই ৷ তাৰ মাজতে এতিয়া আকৌ খবৰ আহিছে গঁড়ৰ মুক্ত বিচৰণৰ ৷ প্ৰত্যক্ষদৰ্শীয়ে গঁড়টো দেখিয়েই বন-বিভাগৰ লোকক খবৰ দিয়ে ৷

গঁড়ৰ মুক্ত বিচৰণৰ খবৰ লাভ কৰিয়েই বন-বিভাগৰ লোক নামি পৰে অভিযানত ৷ প্ৰাপ্ত তথ্য অনুসৰি, ঘূৰি ফুৰা গঁড়টো আঘাতপ্ৰাপ্ত  । বুধবাৰে মচোৱা চাপৰিত এই আঘাতপ্ৰাপ্ত গঁড়টোৱে ঘূৰি ফুৰাৰ খবৰ লাভ কৰিছিল বন বিভাগে ৷ সেইদিনাই অভিযান চলাই গঁড়ৰ খোজৰ লগতে কেৱল তেজৰ চেঁকুৰা লাভ কৰিবলৈ সক্ষম হয় বন-বিভাগৰ লোক ৷ বৰ্তমানলৈকে গঁড়টোৰ  সন্ধান পোৱা নাই । মাজুলীৰ বন বিষয়াগৰাকীয়ে গঁড়টোৰ আঘাত গুৰুতৰ নহয় বুলি মন্তব্য প্ৰদান কৰিছে ।

অন্যহাতে চাপৰি অঞ্চললৈ অকলশৰীয়াকৈ কোনো ব্যক্তিকে নাযাবলৈ আহ্বান কৰিছে বন বিষয়াই । মাজুলীত পূৰ্বৰ পৰা কেইবাটাও গঁড়ৰ মুক্ত বিচৰণ চলি থকাৰ মাজতে আঘাতপ্ৰাপ্ত গঁড়টো নতুনকৈ কাজিৰঙা পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিষয়াই  ।

লগতে পঢ়ক : World Rhino Day 2023 : বিশ্ব গঁড় দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.